পৃষ্ঠা:প্ৰচণ্ড.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাম উল্লেখ কৰাত ইয়াৰ নেতৃত্ব বহনকাৰীসকল তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। বহুতে দলীয় নেতা মোহন বৈদ্যকে অভিযানটোৰ অসফলতাৰ বাবে দোষী সাব্যস্ত কৰিছিল৷ তদুপৰি প্ৰতিদ্বন্দ্বী দলবোৰৰ ওচৰত এই দলটো হাঁহিয়াতৰ পাত্ৰত পৰিণত হৈছিল।

 এই অভিযানৰ ব্যৰ্থতাৰ বাবে মোহন বৈদ্য সমালোচিত হোৱাৰ লগতে দলৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি ল’বলৈ তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল। অৱশ্যে তেওঁ কাৰ্যকৰী সমিতিৰ সদস্যৰ পদত বাহাল থাকিল। কাঠমাণ্ডু ভেলীৰ সমন্বয়ৰক্ষী হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱ গুৰুং নামৰ নেতাজনেও নিজৰ পদমৰ্যাদা হেৰুৱাবলগীয়া হৈছিল। কমডে বিশ্বাসক সৰ্বসন্মতিক্ৰমে নেপালী সাম্যবাদী দল (মশ্বাল)ৰ সাধাৰণ সম্পাদক পদত নিযুক্তি দিয়া হয়। তাৰ পাছতে দলটোৱে তেওঁলোকৰ পূৰ্বৰ মাৰ্ক্সবাদ-লেনিনবাদ আদৰ্শৰ সংস্কাৰ সাধন কৰি মাৰ্ক্সবাদ-লেনিনবাদ- মাওবাদক দলীয় আদৰ্শ হিচাপে গ্ৰহণ কৰে৷ তাৰ লগে লগেই ‘জনযুদ্ধ’ নামৰ এখন আঁচনি হাতত লৈ বিদ্ৰোহ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই আঁচনিক ফলপ্ৰসূ ৰূপ দিবলৈ কমডে বিশ্বাসে পোন্ধৰজনীয়া এটা দল গঠন কৰি গোৰ্খা জিলাৰ চিৰান চৌকলৈ সশস্ত্ৰ প্ৰশিক্ষণৰ বাবে সাজু কৰি তোলে। দলটোৰ দহদিনীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰ সকলৰ ভিতৰত কমৰেড বাদল (ৰাম বাহাদুৰ থাপা মগৰ), কমৰেড দিবাকৰ, কমৰ্তে অনন্ত, কমডে বলদেৱ আৰু কমডে বিপ্লৱ আদিয়েই উল্লেখযোগ্য।

 দলৰ নেতৃত্বৰ দায়িত্ব বহন কৰিয়েই কমৰেড বিশ্বাসে উপলব্ধি কৰিছিল যে এটা দল-সংগঠন পৰিচালনা কৰা কামটো কোনোপধ্যেই ল’ৰা-ধেমালি নহয়। তদুপৰি তেওঁলোক প্ৰবল আৰ্থিক সংকটত ভুগিছিল। আৰ্থিক সংকট দূৰ কৰিবলৈ তেওঁ অলপো সময় নষ্ট নকৰি এজন বাৰ্তাবাহকৰ হাতত দেউতাকলৈ বাৰ্তা পঠিয়াই তেওঁলোকৰ ঘৰটো বিক্ৰী কৰিবলৈ অনুৰোধ কৰে যাতে তেওঁ সংগঠনটো পৰিচালনা কৰিবলৈ কিছু আৰ্থিক সকাহ পায়।

 পুত্ৰৰ আৰ্থিক সংকটৰ কথা উপলব্ধি কৰি দেউতাক মুক্তিৰামে অকণো পলম নকৰি ঘৰটোৰ লগতে ডেৰ বিঘা মাটি (প্ৰায় এক হেক্টৰ) তেওঁৰ ঘৈণীয়েকৰ ভনীয়েকক বিক্ৰী কৰি দিয়ে। ভীমসেন নগৰত গৃহহীন হৈ পৰা দাহালে সমস্ত টকা কমৰেড বিশ্বাসলৈ প্ৰেৰণ কৰে। ক্ৰমাগতভাৱে সম্পত্তিখিনি বাল বাহাদুৰ ভূজেল নামৰ এজন ব্যক্তিক পুনৰ বিক্ৰী কৰা হ’ল। গৃহহীন মুক্তিৰামে পত্নীসহিতে ভাৰতপুৰৰ সমীপৱৰ্তী কৃষ্ণপুৰ গাঁৱলৈ ৰাওনা হয়। ভীমসেন নগৰৰ সম্পত্তিৰ অধিকাৰী হয় ভূজেল পৰিয়াল।

 বাল বাহাদুৰে কয়— ‘যদিও আমি নেপালৰ মাওবাদী আন্দোলনৰ অংশ নাছিলোঁ, তথাপি আমি সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহিলোঁ। যিহেতু এই ঘৰটোৰ

মালিক নেপালৰ এজন উঠি অহা বিপ্লৱীৰ দেউতাক আছিল। আৰু এই কথাটোক লৈ

৩৯