পৃষ্ঠা:প্ৰচণ্ড.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম সংসদীয় নিৰ্বাচনত এই দলে মাত্ৰ কেইখনমান আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল।

 ১৯৬০ চনত নেপালত বহুদলীয় প্ৰথা তথা গণতন্ত্ৰৰ অপমৃত্যু ঘটে। ৰজা মহেন্দ্ৰই গণতান্ত্ৰিক চৰকাৰ ভাঙি দি নিজৰ হাতলৈ ক্ষমতা কাঢ়ি আনে। নেপালৰ প্ৰথমখন গণতান্ত্ৰিক চৰকাৰৰ নিৰ্বাচনৰ মাত্ৰ সোতৰ মাহ পাছতেই ৰজা মহেন্দ্ৰই সংসদ ভাঙি দি বহুদলীয় প্ৰথাকে ধৰি সকলো ৰাজনৈতিক দলৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰে।

 ৰজা মহেন্দ্ৰৰ ৰাজতান্ত্ৰিক শাসনৰ পাছতো কিন্তু নেপালত সমাজবাদীসকলৰ কাম- কাজ চলিয়েই থাকিল। তথাপি এই আদৰ্শই শিক্ষিত-সুধী সমাজৰ মাজত ইমান এটা আদৰ পাবলৈ সক্ষম হোৱা নাছিল। কিয়নো এই লোকসকলে ৰাজতন্ত্ৰৰ প্ৰতিয়েই নিজৰ আনুগত্য প্ৰকাশ কৰিছিল।

 ১৯৭০ চনত পুষ্প কমলে প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল আশানুৰূপ নোহোৱাত ল’ৰাজন হতাশ হৈ পৰিছিল। তেওঁ যথেষ্ট ভাল ফলাফল আশা কৰিছিল। হতাশাজনক পৰীক্ষাৰ ফলাফলে তথাপি তেওঁৰ বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ হেঁপাহ প্ৰশমিত কৰিব পৰা নাছিল।

 হাইস্কুলীয়া জীৱনৰ পৰাই পুষ্প কমলে এগৰাকী পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল। কিন্তু এইচ এছ এল চি পৰীক্ষাৰ ফলাফলে তেওঁৰ সেই সপোনক বাস্তৱায়িত হ’বলৈ নিদিলে। দ্বিতীয় বিকল্প হিচাপে তেওঁ ট্ৰাই চন্দ্ৰ নাইবা অমৃত ছায়েঞ্চ কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ বিচাৰিছিল। কিন্তু সময়ত কেইশমান টকা যোগাৰ কৰিব নোৱৰাত তেওঁ সময়মতে কাঠমাণ্ডুত উপস্থিত হ’ব নোৱাৰিলে। তদুপৰি ৰাজধানী চহৰখনৰ হোষ্টেলত থাকি পঢ়াৰ খৰচ যোগাৰ কৰাটোও তেওঁৰ পক্ষে সম্ভৱ নাছিল। ইতিমধ্যে ৰাজধানী চহৰৰ দুয়োখন প্ৰসিদ্ধ কলেজতে নামভৰ্তিৰ সময়সীমা উকলি গৈছিল। উপায়ান্তৰ হৈ পুষ্প কমলে পটান মাল্টি পাৰপাজ কেম্পাছত শিক্ষাগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

 পটান মাল্টি পাৰপাজ কেম্পাছত হোষ্টেলৰ সুবিধা নথকা বাবে কমলে পটান ঢোকাৰ ওচৰত এটা ভাড়াঘৰত থাকি পঢ়িছিল। কলেজ চৌহদৰ বাহিৰত থকাৰ বাবে তেওঁ মুকলি মনেৰে ফুৰা-চকা কৰিবলৈ সুবিধা পাইছিল আৰু সমাজবাদী আদৰ্শৰ অনুৰাগী বহু ব্যক্তিৰ সান্নিধ্যলৈ অহাৰ সুযোগ পাইছিল। পাছলৈ তেওঁ পটান ঢোকাৰ পৰা কিছু দূৰৈত ডাউন-টাউন মংগল বজাৰৰ সমীপৰ এটা ঘৰত বাস কৰিবলৈ লৈছিল। তেওঁ কলেজত পঢ়ি থকা সময়ছোৱাত দেউতাক মুক্তিৰামে প্ৰায়ে ভীমসেন নগৰৰ পৰা কাঠমাণ্ডুলৈ পুতেকক চাউল-পাত নাইবা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী

২৭