পৃষ্ঠা:প্ৰচণ্ড.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছবিলাল অত্যন্ত অধ্যয়নশীল ছাত্ৰ আছিল আৰু তেওঁৰ সাংঘাতিক স্মৃতিশক্তি আছিল। ইংৰাজী শিক্ষক কান্দেলে তেওঁৰ সততা, নিষ্ঠা আৰু কঠোৰ শ্ৰম কৰিব পৰা স্বভাৱক বৰ ভাল পাইছিল। তেওঁ নৱম শ্ৰেণীত পঢ়ি থাকোঁতে শিক্ষকজনে ভাবিছিল ছবিলালৰ এটা অধিক উপযুক্ত নাম দিব লাগে— নামটো হৈছে পুষ্প কমল— অৰ্থাৎ পদুম ফুল। শিক্ষকজনৰ কথাত ছবিলাল ইমানেই শিহৰিত হৈছিল যে স্কুলত নতুন নামটো পঞ্জীয়ন কৰাই লৈছিল। আৰু এইদৰেই তেওঁ পুষ্প কমল দাহাল হৈ পৰিছিল।

 পুষ্প কমলৰ জীৱনৰ এটা সম্পূৰ্ণ নতুন অধ্যায় আৰম্ভ হৈছিল যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰৰ বাবে এজনী কইনা বিচাৰি উলিয়ালে। ১৯৬৯ চনৰ এপ্ৰিল মাহত মাথোঁ ১৫ বছৰ বয়সতে ভীমসেন নগৰৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ গাঁৱৰ সীতা পৌড়েল নামৰ যুৱতীগৰাকীৰ লগত তেওঁৰ বিয়া হয়।

 সুন্দৰবস্তিৰ পৌড়েল সম্প্ৰদায়ৰ মানুহখিনিৰ দাহালসকলতকৈ আৰ্থিক অৱস্থা বেছি ভাল আছিল। কিন্তু ইয়ে তেওঁলোকৰ বিয়াৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি কৰা নাছিল। পুষ্প কমলৰ শাহুৱেক হৰি কালা পৌড়েলে এই বিষয়ে এনেদৰে কয়—

‘আমাৰ পৰিয়ালৰ পুৰণি বন্ধু মুক্তিৰাম দাহাল আৰু কুল প্ৰসাদ দাহালে
যেতিয়া তেওঁলোকৰ ল’ৰাৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আমাৰ ঘৰলৈ
আহিছিল, আমি সকলোৱে খুবেই আনন্দিত হৈছিলোঁ।’

 পুষ্প কমলতকৈ ন-বছৰ সৰু খুৰাকৰ ল’ৰা ৰামচন্দ্ৰৰ ঘৰৰ ওচৰৰ সুন্দৰবস্তিলৈ ঢোলে-ডগৰে বৰযাত্ৰী হৈ যোৱা দিনটো এতিয়াও মনত আছে। তেওঁৰ ভাষাত—

‘পৰিয়ালৰ প্ৰথম বিবাহ হিচাপে আমি আটায়ে যথেষ্ট আনন্দিত হৈছিলোঁ।
আমাৰ পৈতৃক গাঁৱৰ পৰাও আলহীবোৰ ভীমসেন নগৰৰ বিয়ালৈ
আহিছিল। আমাৰ দাদা বৰ লাজকুৰীয়া আছিল, তেওঁ আনকি কইনাৰ
চকুলৈ এবাৰো চোৱা নাছিল।’

 গাঁৱৰ খুব কমসংখ্যক মানুহেহে জানিছিল কইনা সীতা পৌড়েল দৰাতকৈ ছমাহ ডাঙৰ। কইনা কেতিয়াও স্কুললৈ যোৱা নাছিল যদিও শিক্ষিত আছিল। দাহালসকলৰ দৰে পৌড়েলসকলেও কাস্কি জিলাৰ হেমৰাজ গাঁৱৰ পৰা চিটৱানলৈ আহিছিল। পৈতৃক ভেটিৰ পৰা আঁতৰলৈ অহা দুয়োটা পৰিয়ালেই বিবাহৰ জৰিয়তে তেওঁলোকৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে আগ্ৰহী হৈছিল। সেইবাবে কইনাৰ বয়সে বিয়াখনত কোনো সমস্যাৰ সৃষ্টি কৰা নাছিল। বিয়াখন সুকলমেই হৈ গৈছিল। ঘৰৰ প্ৰতিগৰাকী মানুহেই সুখী হৈছিল। এই বিষয়ে চাৰি পুত্ৰ আৰু দুই কন্যা সন্তানৰ মাতৃ হৰি কালাই কয়—

‘আমাৰ গোটেই পৰিয়ালটোৱে বিয়াখনক লৈ আনন্দত আত্মহাৰা

২২