পৃষ্ঠা:প্ৰচণ্ড.pdf/১৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তীব্র মতবিৰোধ ঘটে। প্রচণ্ডই ভাৰতক তেওঁলোকৰ প্ৰধান শত্ৰু বুলি ঘোষণা কৰাত জোৰ দিয়াৰ বিপৰীতে ভট্টৰায়ে ভাৰতৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰাৰ পৰিবৰ্তে নিজৰ দেশৰ সামন্তবাদৰ অৱসান ঘটোৱাৰ বাবে যুদ্ধ কৰাৰ সপক্ষে যুক্তি দিয়ে।

 প্ৰচণ্ডৰ বিৰুদ্ধে ভট্টৰায়তকৈ বৈদ্য বেছি আক্রমণাত্মক হৈ পৰা দেখা যায়। খাবিপতিত অনুষ্ঠিত জাতীয় অভিৱৰ্তনত লোৱা সিদ্ধান্ত অনুসৰি ‘জনতাৰ গণতান্ত্রিক গণৰাজ্য’ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম আৰম্ভ নকৰাৰ বাবে ভট্টৰায়ে অধ্যক্ষ প্রচণ্ডক কঠোৰ ভাষাত সমালোচনা কৰে। তেওঁ আনকি দলৰ নেতৃত্বৰ দায়িত্বভাৰ নিজে লোৱাৰো ভাবুকি দিয়ে।

 একাংশ মাওবাদী নেতায়ো ‘প্ৰধান মন্ত্ৰী হোৱাৰ মাত্ৰাধিক উৎসাহ’ৰ বাবে প্ৰচণ্ডক সমালোচনা কৰে৷ ৬০১জনীয়া বিধান পৰিষদৰ সদস্যৰ মাজৰ পৰা কাকো প্ৰধান মন্ত্ৰী নির্বাচিত কৰিব নোৱাৰিলে ১৬ লানি নির্বাচন অনুষ্ঠিত কৰাৰ পাছতো সাতমহীয়া অনিশ্চয়তাৰ অন্তত ২০১১ চনৰ ৪ ফেব্ৰুৱাৰীত জালানাথ খানাল প্রচণ্ডৰ পাছত দেশৰ প্ৰধান মন্ত্ৰী হিচাপে নির্বাচিত হয়। কিন্তু আচৰিতভাৱে তেওঁৰ প্ৰাৰ্থিত্ব প্রত্যাহাৰ কৰা হয় আৰু তেওঁৰ দলে চি পি এন (ইউ এম এল)ৰ অধ্যক্ষক ভোট দিয়ে। নির্বাচিত হোৱাৰ কোনো সম্ভাৱনা নেদেখি ১৭ সংখ্যক নিৰ্বাচনৰ আগমুহূৰ্তত অনুষ্ঠিত মাওবাদীৰ ষ্টেণ্ডিং কমিটীৰ বৈঠকৰ সিদ্ধান্তমৰ্মে প্ৰচণ্ডই তেওঁৰ প্ৰাৰ্থিত্ব প্রত্যাহাৰ কৰে।

 মাওবাদীৰ লগত গোপনে চুক্তি কৰাৰ অভিযোগ তুলি খানালক তেওঁৰ দলৰ সতীৰ্থসকলে তীব্র সমালোচনা কৰে। মাওবাদীয়ে চৰকাৰক সমর্থন দিয়ে আৰু কেইবাসপ্তাহৰ আলোচনাৰ পাছত, কেইবাগৰাকী সদস্য চৰকাৰৰ মন্ত্ৰী হয়।

 কিন্তু জালানাথ খানাল নেতৃত্বাধীন নতুন চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ২০১১ চনৰ মে’ মাহৰ ভিতৰত সংবিধান ৰচনাৰ প্ৰক্ৰিয়া সমাপ্ত কৰাটো। মাহজোৰা হোঁহোকা-পিছলাৰ পাছত, ৰাজনৈতিক দলবোৰে বিধান পৰিষদৰ কাৰ্যকাল তিনিমাহৰ বাবে বৃদ্ধি কৰিবলৈ সন্মত হয়।

 এতিয়াও খানাল ৰাজনৈতিক দলবোৰৰ চাপৰ সন্মুখীন হৈ আছে। বিধান পৰিষদৰ কাৰ্যকাল বৃদ্ধিৰ পাছ মুহূৰ্ততে তেওঁ জাতীয় ঐক্য চৰকাৰ গঠনৰ বাট মুকলি কৰাৰ বাবে পদত্যাগ কৰিবলৈ সন্মত হয়। অৱশ্যে বৰ্তমানৰ মৰ্চা চৰকাৰৰ বিকল্প পোৱাৰ পাছতে তেওঁ পদত্যাগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

 আৰু কিমান দিনলৈ নেপালত ৰাজনৈতিক অনিশ্চয়তা অব্যাহত থাকিব সেয়া সময়েহে ক’ব।

১৯২