পৃষ্ঠা:প্ৰচণ্ড.pdf/১৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
উপসংহাৰ

 প্রধান মন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰচণ্ডই এলানি বিতৰ্কৰ মাজত সোমাই পৰিছিল। শপত গ্ৰহণ অনুষ্ঠানত নেপালৰ জাতীয় পোছাক ‘দৌৰা চুৰুৱাল’ পৰিধান নকৰি পাতল মুগা ৰঙৰ ছ্যুট আৰু ক'লা টুপী পৰিধান কৰাত সমগ্ৰ নেপালবাসীৰ চকু কপালত উঠিছিল।

 মাওবাদীৰ পলিটব্যুৰোৰ পৰামৰ্শমতে সেই পোছাক পৰিধান কৰা বিদ্রোহী প্রধান মন্ত্ৰীজনে ভগৱানৰ নামত শপত ল’বলৈও অস্বীকাৰ কৰিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ জনতাৰ নামত শপত লৈছিল। ৰাষ্ট্ৰপতি ৰামবৰণ যাদৱে তেওঁক জনতাৰ নামত শপত বাক্য পাঠ কৰোৱাইছিল। তেওঁ জনতাৰ নামত শপত লৈছিল, যিহেতু তেওঁ জনতাৰ সমর্থনতে নিৰ্বাচনত জয়লাভ কৰিছিল।

 ‘পোছাক বিতৰ্ক’ মাৰ নৌযাওঁতেই কেইদিনমানৰ ভিতৰতে প্ৰচণ্ড অন্য এক কূটনৈতিক বিতৰ্কৰ মাজত সোমাই পৰে। প্ৰচণ্ড প্ৰধান মন্ত্রী হিচাপে দায়িত্ব লৈ প্ৰথম বিদেশ ভ্ৰমণত চীনলৈ যায়। বেইজিং অলিম্পিকৰ সামৰণি অনুষ্ঠানত উপস্থিত থকাৰ বাবে তেওঁ তালৈ গৈছিল৷ বিৰোধীসকলে প্ৰচণ্ডই এই ভ্ৰমণেৰে নেপালৰ কূটনৈতিক পৰম্পৰাৰ পৰা আঁতৰি অহা বুলি বর্ণনা কৰে।

 নেপালৰ পৰম্পৰামতে নতুন প্ৰধান মন্ত্ৰীয়ে তেওঁলোকৰ প্ৰথম বিদেশ ভ্ৰমণত নতুন দিল্লীলৈ আহে। মাওবাদীসকলে ভাৰত আৰু চীনৰ লগত সমান দূৰত্ব বজাই ৰখাৰ নীতি গ্ৰহণ কৰা বুলি দাবী কৰিছিল যদিও বিৰোধী শিবিৰে বিশেষকৈ নেপালী কংগ্ৰেছে প্রচণ্ডৰ বেইজিং ভ্রমণ ‘কমিউনিষ্ট কূটনীতি’ বুলি অভিহিত কৰিছিল।

 নতুন দিল্লীয়ে বিষয়টোক লৈ সম্পূৰ্ণৰূপে মৌনতা অৱলম্বন কৰিছিল যদিও নেপালী কংগ্ৰেছে প্ৰচণ্ডৰ চীন ভ্ৰমণক দুৰ্ভাগ্যজনক আখ্যা দিছিল। যি সময়ত কোশী নৈৰ প্ৰলয়ংকাৰী বানৰ ফলত নেপালৰ টেৰাই অঞ্চলৰ হেজাৰ হেজাৰ মানুহ গৃহহীন হৈ পৰিছিল, সেয়ে সেই সময়ত প্ৰচণ্ড চীন ভ্ৰমণলৈ ওলোৱা কাৰ্যৰ বাবে সমালোচিত

১৮৭