পৃষ্ঠা:প্ৰচণ্ড.pdf/১৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰে। এজন ডেকা ছাত্র হিচাপে সিঙে ইন্দিৰা গান্ধীৰ স্বামী আৰু ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেতা ফিৰোজ গান্ধীক অতি ঘনিষ্ঠভাৱে লগ পাইছিল।

 ১৯৬৩ চনৰ পৰাই তেওঁ নেপালৰ ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিপ্লৱী ৰাজনীতিত জড়িত হৈছিল আৰু তেওঁৰ কঠোৰ দৃষ্টিভংগীৰ বাবে ৰজা মহেন্দ্ৰৰ শাসনকালত কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। ১৯৮৫ চনত সিঙে নাৰায়ণহিটি ৰাজপ্রাসাদ, সংসদ ভৱন আৰু কাঠমাণ্ডুস্থিত অন্নপূর্ণা হোটেলৰ সন্মুখত এক ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটাইছিল। এই আক্ৰমণত ৮জন লোক নিহত হৈছিল। বোমা আক্ৰমণ আৰু সম্ৰাটৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ অপৰাধত তেওঁৰ ওপৰত মৃত্যুদণ্ড জাৰি কৰা হৈছিল। কিন্তু নেপাল সীমান্তৰ ইপাৰে ভাৰতৰ পৰা তেওঁ অভিযান চলোৱা বাবে সিঙক মৃত্যুদণ্ড বিহিব পৰা নাছিল।

 যদিও মাওবাদী নেতাজনৰ লগত সিঙৰ সম্পৰ্ক মাত্র এক দশকৰ পুৰণি, তথাপি সহযোদ্ধা হিচাপে সম্পর্ক অতি দৃঢ়। প্রচণ্ড সম্পর্কে তেওঁ কয়—

 ‘নেপালত জনযুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় এবছৰৰ পাছত এদিন কমৰেড বাবুৰাম ভট্টৰাই আৰু তেওঁৰ পৰিবাৰ হিছিলা য়ামি মোক লগ কৰিবলৈ আহিছিল৷ তেওঁলোকে মোক কৈছিল যে অধ্যক্ষ প্ৰচণ্ডই কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ বাবে মোক লগ কৰিবলৈ বিচাৰে আৰু মাওবাদী সংগঠনৰ বাবে মোৰ সহায়ৰ প্ৰয়োজন।'

 কেইবাদশক জুৰি ৰাজতন্ত্ৰৰ অৱসান আৰু নেপালক গণতন্ত্ৰলৈ ৰূপান্তৰ কৰিবলৈ সিঙে যুদ্ধ চলাইছিল ৷ বাবুৰাম ভট্টৰাইৰ সৈতে হোৱা সাক্ষাতৰ পাছত ১৯৯৮ চনৰ জুন মাহত সিঙে অধ্যক্ষ প্ৰচণ্ডক লগ কৰিবলৈ নতুন দিল্লীলৈ গৈছিল। তেওঁ কয়—

 ‘তেওঁ (অধ্যক্ষ প্ৰচণ্ডই) মোক লগ কৰিব বিচৰাত মই আচৰিত হৈছিলোঁ। তেওঁলোক সকলো আছিল ডেকা কট্টৰ কমিউনিষ্ট নেতা আৰু তেওঁলোকে পূৰ্ণ উদ্যমেৰে জনযুদ্ধ চলাই আছিল। মই ইতিমধ্যেই বৃদ্ধ হৈছিলোঁ। বাৰ্ধক্য আৰু ৰুগ্ন স্বাস্থ্যৰ বাবে মই সক্রিয় বিপ্লৱী কার্যকলাপ এৰি দিছিলোঁ।'

 নতুন দিল্লীত হোৱা গোপন বৈঠকত, জনযুদ্ধ সম্প্ৰসাৰণ ঘটাবৰ বাবে অধ্যক্ষ প্ৰচণ্ডই সিঙৰ পৰা কাৰিকৰী পৰামৰ্শ বিচাৰিছিল। নিৰাপত্তা বাহিনীৰ সৈতে কেৱল বন্দুকেৰে যুদ্ধ কৰাটো সম্ভৱ নহয় বাবে মাওবাদী নেতাজনে বোমা নিৰ্মাণত সিঙৰ সাহায্য বিচাৰিছিল। সিঙে কয়—

 ‘মোৰ সক্ৰিয় সংগ্ৰামৰ কালছোৱাত, বোমা নিৰ্মাণত মই সিদ্ধহস্ত আছিলোঁ। সেয়ে মই তেওঁক (অধ্যক্ষ প্রচণ্ড) সহায় কৰিবলৈ সন্মত হৈছিলোঁ। আনকি প্ৰথমবাৰ লগ পায়েই তেওঁৰ প্ৰতি মোৰ যথেষ্ট ইতিবাচক মনোভাব গঢ় লৈ উঠিছিল। মোৰ প্ৰবল আশা আছিল যে ৰাজতন্ত্ৰৰ অৱসান ঘটাই নেপালত গণতন্ত্র প্রতিষ্ঠা কৰাৰ মোৰ যি

১৮০