পৃষ্ঠা:প্ৰচণ্ড.pdf/১৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আশ্চৰ্যকৰ। আমি ১৮ বছৰৰ তলৰ শিশুক বিদ্রোহত যোগদান কৰাৰ ক্ষেত্ৰত কঠোৰভাৱে বাধা দি আহিছোঁ। কিন্তু এটা কথা ঠিক যে (যিটোৱে বিভ্ৰান্তিৰ সৃষ্টি কৰে) হেজাৰজন ছহিদৰ ঘাটমাউৰা ল'ৰা-ছোৱালী আমাৰ লগত আছে। আমাৰ দলে স্বাভাৱিকতেই তেওঁলোকৰ ভৰণ পোষণ, শিক্ষাৰ লগতে তেওঁলোকৰ মাক-দেউতাকৰ গুণবান উত্তৰাধিকাৰী হ’ব পৰাকৈ প্ৰশিক্ষণ দিয়াৰ দায়িত্ব বহন কৰিছে। আমি তেওঁলোকক কেতিয়াও যুদ্ধৰ কামত ব্যৱহাৰ কৰা নাই। কিন্তু তেওঁলোকক আমি শিশু সংগঠনৰ দৰেই শিক্ষিত আৰু নিয়মানুৱৰ্তিতা অৰ্জন কৰিবলৈ শিক্ষা দিছোঁ। আমি দৰিদ্ৰ শিশুসকলৰ যত্ন লৈছোঁ, ইয়াক খেমেৰ ৰুজৰ কাৰ্যৰ লগত তুলনা কৰা উচিত নহয়।’

১৭৩