পৃষ্ঠা:প্ৰচণ্ড.pdf/১৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাওবাদী বিদ্রোহীসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল। উল্লেখযোগ্য যে ২০০৬ চনৰ মাৰ্চ মাহত মাওবাদীসকলে কেইবাজনো পোলেণ্ডৰ পৰ্যটকক তেওঁলোকে দাবী কৰা ধন দিবলৈ অমান্তি হোৱাৰ বাবে অপহৰণ কৰাৰ বাতৰি প্ৰকাশ হৈছিল।

 বিদেশী অভিযানেও মাওবাদী বিদ্ৰোহীৰ পৰা পৰিত্ৰাণ পোৱা নাছিল ৷ কাঠমাণ্ডুৰ মার্কিন দূতাবাসৰ দুজন সুৰক্ষা কৰ্মীক হত্যা কৰাৰ অভিযোগত মাওবাদীসকল অভিযুক্ত হৈছিল। ২০০৪ চনৰ ১০ ছেপ্টেম্বৰত মাওবাদী বিদ্রোহীসকলে ৰাজধানী চহৰৰ মাৰ্কিন দূতাবাসত বোমা বিস্ফোৰণ সংঘটিত কৰে। বিস্ফোৰণটোৰ কেইঘণ্টামানৰ ভিতৰতে আমেৰিকা চৰকাৰে নেপালস্থিত আমেৰিকান শান্তিৰক্ষাকাৰী বাহিনীক নিৰাপত্তাৰ খাতিৰত তৎক্ষণাত নেপাল এৰি আহিবলৈ নিৰ্দেশ দিয়ে। সেয়ে স্বাভাৱিকভাৱেই মার্কিন চৰকাৰৰ দৃষ্টিত নেপালৰ মাওবাদী দলটোৰ নাম এটা সন্ত্ৰাসবাদী সংগঠনৰ তালিকাত অন্তর্ভুক্ত হয়।

 দক্ষিণ আৰু কেন্দ্ৰীয় এছিয়াৰ সহকাৰী সচিবৰূপে কাৰ্যনিৰ্বাহ কৰা মাৰ্কিন সহকাৰী সচিব ৰিচাৰ্ড বাউচাৰে মাওবাদীসকলৰ গণযুদ্ধৰ কাৰ্যকলাপ সন্দৰ্ভত কয়—

‘ই এক অগতানুগতিক বৰ্বৰ আক্ৰমণ আৰু তেওঁলোকে সন্ত্ৰাসৰ
জৰিয়তে দেশখনৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ ক্ষেত্ৰত অভ্যস্ত হৈ
পৰিছে। মাওবাদীসকলে হিংসাৰ পথ পৰিহাৰ কৰিবই লাগিব ৷ লগতে
বলপূর্বক কার্যকলাপৰ দৰে নিয়ন্ত্ৰণৰ পথ পৰিহাৰ কৰিব লাগিব যিহেতু
ইবোৰে নেপালক সন্ত্রাস জৰ্জৰিত কৰি তুলিছে।'

 অন্য বিষয়তকৈ মাওবাদীসকলে তেওঁলোকৰ সংগঠনৰ হৈ ভয়াৱহ আৰু জটিল সামৰিক অভিযানৰ কাম-কাজত সহায় কৰিবলৈ শিশুসকলক ব্যৱহাৰ কৰা বিষয়টোৱে মানৱ অধিকাৰ কৰ্মীসকলৰ মাজত গুৰুতৰ বিষয় হিচাপে ঠাই পাইছিল। ২০০৩ চনত এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ ‘গভীৰ সংকটত নেপাল’ শীর্ষক প্রতিবেদনত কোৱা হৈছিল—

‘তেওঁলোকৰ দখলত থকা অঞ্চলটোত মাওবাদীসকলে প্রতিটো
পৰিয়ালৰ পৰা এজনকৈ সদস্য নিয়োগ কৰা নীতি গ্ৰহণ কৰিছিল।
ছোৱালীকে ধৰি শিশুসকলক যুদ্ধসদৃশ পৰিস্থিতিত তেওঁলোকক অস্ত্ৰ-
শস্ত্ৰ যোগান ধৰিবলৈ বা কেতিয়াবা আঘাতপ্রাপ্তজনক নিৰাপদ স্থানলৈ
স্থানান্তৰিত কৰিবলৈ বা শুশ্রুষা কৰিবলৈ নিয়োগ কৰা হৈছিল।'

 প্ৰচণ্ডই অৱশ্যে শিশুসকলক মাওবাদী সৈন্যদলৰ এনেধৰণৰ কাম-কাজত নিয়োগ কৰাৰ অভিযোগ অস্বীকাৰ কৰিছিল। ২০০৫ চনত ‘দ্য টাইম’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল—

‘গণসেনাত শিশু সৈনিকৰ ব্যৱহাৰ সন্দৰ্ভত ওলোৱা বাতৰিটো

১৭২