পৃষ্ঠা:প্ৰচণ্ড.pdf/১৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পইচাৰ প্ৰয়োজন হৈছিল তথাপি প্রচণ্ডই সঘনে সংগঠনটোৰ কেডাৰসকলক বলপূর্বক ধন সংগ্রহ অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ দি বাৰ্তা প্ৰেৰণ কৰিছিল৷

 নাগৰিক সমাজ তথা সংবাদ মাধ্যমৰ হেঁচাত সংগঠনটোৰ ভাবমূর্তি অক্ষুণ্ণ ৰাখিবলৈ প্ৰচণ্ডই ৰাজহুৱা বিবৃতি দিবলগীয়া হৈছিল। ২০০৩ চনৰ ১৬ ফেব্ৰুৱাৰীত এক বিবৃতি দি প্রচণ্ডই ঘোষণা কৰিছিল যে ভৱিষ্যতে স্বেচ্ছাসেৱকসকলৰ বাদে আন কোনো উৎসৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰা নহ’ব। এই জাননীক তেওঁৰ কেডাৰসকলক এক দলীয় নির্দেশ হিচাপে গ্ৰহণ কৰিবলৈ কয় আৰু সকলোধৰণৰ ধন সংগ্রহ অভিযানৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে একাংশ শক্তিয়ে শান্তি প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ মাওবাদীৰ নামত ধন সংগ্ৰহৰ দৰে কাৰ্য কৰি আছে আৰু মাওবাদীসকলৰ বদনাম কৰিছে।

 ২০০৪ চনৰ জুন মাহত কাঠমাণ্ডুৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত ‘ৰাজধানী’ৰ এটা বাতৰিত কোৱা হয় যে মাওবাদীসকলে আনকি সিন্ধুলী জিলাৰ দৰিদ্ৰ লোকসকলৰ পৰাও বলপূর্বক ধন সংগ্রহ অভিযান আৰম্ভ কৰিছে। বাতৰিটোত কোৱা হয়—

‘আনকি অতি দৰিদ্ৰ কৃষকজনেও কৰ আদায় দিয়াৰ পৰা ৰেহাই পোৱা
নাছিল। পৰিয়ালবোৰক তেওঁলোকৰ ঘৰৰ টিনপাত, টাইলছ আদিৰ
মূল্যৰ ওপৰত ভিত্তি কৰি কৰৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল। খ্ৰেীঘৰৰ
তুলনাত টিনপাত, টাইলছৰ ঘৰৰ কৰ অধিক আছিল। বিদ্রোহীবিলাকে
বেচৰকাৰী সংস্থাৰ লগতে অন্যান্য সামাজিক সংস্থাসমূহক তেওঁলোকৰ
অনুমতি অবিহনে কোনোধৰণৰ কৰ্মআঁচনি হাতত নল’বলৈ নিৰ্দেশ
জাৰি কৰিছিল।'

 মাওবাদীৰ এনে বলপূর্বক কার্যকলাপৰ বাতৰিয়ে জনমানসত সর্বহাৰাৰ বিপ্লৱ সন্দৰ্ভত কিছুমান গুৰুতৰ প্ৰশ্নৰ উদ্রেক কৰিছিল। পশ্চিমীয়া দেশবোৰক এনে বাতৰিয়ে উৎসাহিত কৰিছিল আৰু তেওঁলোকে মাওবাদী বিদ্রোহীৰ বিৰুদ্ধে এনে শক্তিশালী গণ সমর্থন গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এই দেশবোৰে নেপাল ভ্ৰমণলৈ ওলোৱা তেওঁলোকৰ নাগৰিকসকলৰ প্ৰতি সতর্কতা জাৰি কৰিছিল। পশ্চিমীয়া দেশবোৰে অহৰহ প্ৰচাৰ চলাই নেপাল ভ্ৰমণলৈ ওলোৱা পৰ্যটকসকলৰ মনত ভীতিৰ সঞ্চাৰ কৰিছিল। ফলস্বৰূপে নেপাললৈ অহা ইউৰোপীয় পৰ্যটকৰ সংখ্যা দ্রুত হ্রাস পাবলৈ ধৰে। বিদেশী মুদ্ৰা অৰ্জনৰ ক্ষেত্ৰত নেপালৰ পৰ্যটন উদ্যোগৰ ভূমিকা উল্লেখযোগ্য। কিন্তু পশ্চিমীয়া দেশৰ পৰ্যটকৰ সংখ্যা হ্রাস পোৱাত এই উদ্যোগটো প্ৰচণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। মাওবাদী বিদ্রোহীসকলে দাবী কৰা ধন দিবলৈ অমান্তি হোৱা পৰ্যটকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে অপহৰণৰ ভাবুকি দিয়া বুলি

১৭১