পৃষ্ঠা:প্ৰচণ্ড.pdf/১৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত প্ৰচণ্ডই কয়—

 ‘মই ইউ এম এলক আমাৰ সৈতে হাত নিমিলোৱাৰ বাবে ধন্যবাদ দিবই লাগিব। অন্যথা আমি ইমানকেইখন আসন লাভ কৰিবলৈ সক্ষম নহ'লোহেঁতেন।' নিৰ্বাচনৰ প্রাক্কালত মাওবাদীসকলৰ বিৰুদ্ধে ব্যাপক অপপ্ৰচাৰ চলিছিল। তথাপি নিৰ্বাচনৰ প্রায় আঢ়ৈ মাহ আগতে অধ্যক্ষ প্রচণ্ডই দাবী কৰিছিল যে তেওঁৰ দলে নিৰ্বাচনত সর্বাধিক আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ ৰাজনৈতিক দল হিচাপে অৱতীৰ্ণ হ’ব। প্রাক্‌-নির্বাচন সম্পৰ্কীয় এটা সাক্ষাৎকাৰত প্ৰচণ্ডই কৈছিল—

‘আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ শেহতীয়া বৈঠকত নির্বাচন সম্পৰ্কীয়
কাম-কাজৰ মূল্যায়ন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা
প্রতিবেদনৰ পৰা এইটো স্পষ্ট হৈছে যে আমি এক নম্বৰ দল হোৱাৰ
পথত অগ্ৰসৰ হৈছোঁ। আমি কোনো দলৰ সৈতে মিত্ৰতা অবিহনেই
সর্বাধিক ভোট লাভ কৰিবলৈ সক্ষম হ’ম। আমি ১০০ৰ পৰা ১২০খন আসনত জয়লাভ কৰিম বুলি আশা কৰিছোঁ।

 কিন্তু তেওঁ অন্তৰৰ গভীৰ কোণৰ পৰা বিশ্বাস কৰিছিল যে এয়াও একপ্ৰকাৰ দাম্ভিকতা। তেওঁ কেতিয়াও সংবিধান সভাৰ নিৰ্বাচনত ইমান ভাল প্ৰদৰ্শন কৰিব পাৰিব বুলি আশা কৰা নাছিল। নিৰ্বাচনৰ ফলাফলত তেওঁ উৎফুল্লিত হৈ পৰে৷ অৱশ্যে তেওঁ সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি অৱলম্বন কৰাৰ বাবে অনুশোচনাও প্ৰকাশ কৰে।

 ‘সমানুপাতিক প্রতিনিধিত্বৰ নীতিটো প্ৰত্যক্ষ নির্বাচনৰ সময়তে আসনৰ ভাগ- বাটোৱাৰা কৰাৰ সময়ত অৱলম্বন কৰিব পৰা গ'লহেঁতেন'— তেওঁ পাছত কৈছিল।

 হিংসামুক্ত সংবিধান সভাৰ নিৰ্বাচনৰ অবিশ্বাস্য ফলাফলে জনতাৰ মনত এক ইতিবাচক ধাৰণাৰ জন্ম দিছিল আৰু তেওঁলোকে নেপালৰ শান্তিপূৰ্ণ ৰাজনৈতিক ভৱিষ্যতৰ ছবি দেখা পাইছিল। নেপালৰ মাওবাদীসকল মূলতঃ উগ্ৰ কমিউনিষ্ট হ’লেও তেওঁলোকে সংবিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে এই নিৰ্বাচনৰ জৰিয়তে নেপালে ৰাজনৈতিক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা হেতুকে দেশখনৰ জনসাধাৰণক প্রশংসাৰ বাণীৰে ওপচাই পেলাইছিল। বিশ্বৰ ভিন্ন প্ৰান্তৰ সমভাবাপন্ন সাম্যবাদী দলসমূহে নেপালী সাম্যবাদী দল (মাওবাদী) আৰু এই দলৰ অধ্যক্ষ প্রচণ্ডক নির্বাচনত সফলতা লাভ কৰাৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছিল।

 ফিলিপাইনছৰ সাম্যবাদী দল, আর্জেন্টিনাৰ বৈপ্লৱিক সাম্যবাদী দল, ইটালীৰ সাম্যবাদী দল, বাৰ্মাৰ সাম্যবাদী দল, অষ্ট্ৰিয়াৰ বৈপ্লৱিক সাম্যবাদী দল, নিউজিলেণ্ডৰ শ্ৰমিক দল, ইটালীৰ পাৰ্টি অৱ দ্য কমিটীজ টু ছাপ'ৰ্ট ৰেজিষ্টেঞ্চ ফ’ৰ কমিউনিজম (চি এছ আৰ

১৬০