পৃষ্ঠা:প্ৰচণ্ড.pdf/১৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সংসদৰ মজিয়াত সাংসদীয় ভোটদানৰ এই ঘটনাই বাঁওপন্থী দলসমূহৰ একতাৰ কথাকে স্পষ্ট কৰি দিলে। নেপালী সাম্যবাদী দল (ইউ এম এল) আৰু মাওবাদী দল- দুয়োটা দলে উভয়ৰ প্ৰস্তাৱবোৰ সমৰ্থন কৰিছিল। মাওবাদীসকলে ইউ এম এল অৰ যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰৰ প্ৰস্তাৱক সমর্থন কৰিছিল। আনহাতে, ইউ এম এল এ মাওবাদীসকলৰ পূৰ্ণ সমানুপাতিক নির্বাচন পদ্ধতিক সমৰ্থন কৰিছিল। সদনত বাঁওপন্থী দলসমূহৰ একতা দেখি মাওবাদীসকল শিহৰিত হৈছিল যদিও তেওঁলোকৰ প্ৰস্তাৱসমূহ গৃহীত কৰাৰ বাবে প্ৰয়োজন হোৱা অন্তৱৰ্তী সংবিধান সংশোধনৰ বাবে সদনৰ দুই- তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হৈছিল।

 আনহাতে, মাওবাদীৰ প্ৰস্তাৱ দুটাৰ প্ৰতি কৈৰালাৰ দলৰ সমৰ্থন নাছিল যদিও একমাত্র নৈতিকতাৰ খাতিৰতে তেওঁ ক্ষিপ্ৰ সিদ্ধান্ত ল'বলগীয়া হৈছিল। ফলস্বৰূপে প্রজাতান্ত্ৰিক আৰু সমানুপাতিক প্রতিনিধিত্বৰ বিষয়টোৰ সন্দৰ্ভত আলোচনাৰ প্ৰক্ৰিয়াটো আৰু জটিলতাৰ মাজলৈ সোমাই গ'ল। কেইবালানিও আলোচনাৰ অন্তত মাওবাদী আৰু আন ছটা ৰাজনৈতিক দলে ডিচেম্বৰৰ ২২ তাৰিখে এখন ২৩ দফীয়া চুক্তিত স্বাৰ কৰি ৰাজনৈতিক মতানৈক্যসমূহ দূৰ কৰাৰ প্ৰতিশ্ৰুতিৰে সংবিধান সভাৰ নিৰ্বাচনৰ পথ প্রশস্ত কৰি তোলে।

 অন্তৱৰ্তী সংসদে ২৮ ডিচেম্বৰত সংবিধান সংশোধনী বিধেয়কখন অনুমোদন কৰি নেপালত শতিকাজুৰি চলি অহা ৰাজতন্ত্ৰৰ অৱসান ঘটোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। বিধেয়কখন গৃহীত হোৱাৰ লগে লগেই নেপাল এখন যুক্তৰাষ্ট্ৰীয় প্রজাতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হয়।

 দুই-তৃতীয়াংশ সদস্যৰ সংখ্যাগৰিষ্ঠ ভোটেৰে গৃহীত হোৱা বিধেয়কখনৰ জৰিয়তে এপ্ৰিলৰ মাজভাগত সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰ সিদ্ধান্ত লোৱা হয়। ২৭৩জন সদস্যৰ ভিতৰত ২৭০জন সদস্যই বিধেয়কখনৰ সপক্ষে ভোটদান কৰিছিল। মাত্র তিনিজন সদস্যইহে ইয়াৰ বিপক্ষে ভোটদান কৰিলে। অন্তৱৰ্তী সংসদে ঘোষণা কৰামতে সংবিধান সভাত ৬০১ জন সদস্য থাকিব। তাৰে ৫৮ শতাংশ (৩৩৫খন আসন) সদস্যক সমানুপাতিক ভোটদান পদ্ধতিৰে নিৰ্বাচন কৰা হ’ব আৰু বাকী থকা ৪২ শতাংশ (২৫০খন আসন) সদস্যক প্রত্যক্ষভাৱে নিৰ্বাচিত কৰা হ’ব। বাকী ২৬জন সদস্যক মনোনীত কৰা হ'ব।

 সংবিধান সভাৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰ জৰিয়তে যুক্তৰাষ্ট্ৰীয় গণতান্ত্রিক প্রজাতন্ত্ৰৰ আদেশটো কাৰ্যকৰী কৰা হ'ব। সংশোধিত সংবিধান মতে সংবিধান সভাৰ নির্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত ৰাষ্ট্ৰ পৰিচালনাৰ সকলো দায়িত্ব প্রধান মন্ত্ৰীয়ে কান্ধ পাতি ল’ব। নেপালত প্ৰৱৰ্তিত হৈ থকা শান্তি প্রক্রিয়াটোক আগবঢ়াই নিবলৈ মাওবাদী

১৪৯