পৃষ্ঠা:প্ৰচণ্ড.pdf/১৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাহৰ ৯ তাৰিখে প্রচণ্ডই ‘কান্তিপুৰ অনলাইন’ক দিয়া এটা সাক্ষাৎকাৰত প্ৰধান মন্ত্রী কৈৰালা আৰু তেওঁৰ শাসকীয় দল নেপালী কংগ্ৰেছক বেয়াকৈ সমালোচনা কৰে।

 কৈৰালাৰ মনোভাবত খৰ্গহস্ত হৈ প্ৰাক্তন মাওবাদী নেতাজনে নৱেম্বৰ মাহৰ ২২ তাৰিখে সংবিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত ২২দফীয়৷ দাবী পূর্বচর্ত হিচাপে আগবঢ়ায়। এই পূর্বচৰ্তবোৰৰ ভিতৰত আছিল যে অতি সোনকালেই নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগে আৰু সংবিধান সভাৰ নিৰ্বাচনৰ কাৰণে এটা পূর্ণসমানুপাতিক নির্বাচন পদ্ধতিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সি যি নহওক, প্রধান মন্ত্ৰী কৈৰালাই অৱশ্যে মাওবাদী বিদ্রোহীসকলৰ এনেধৰণৰ প্ৰাথমিক দাবীবোৰ মানি ল'বলৈ ইচ্ছুক নাছিল।

 মাওবাদী বিদ্রোহীসকলৰ দাবী সন্দৰ্ভত একাংশ লোকে প্রতিক্রিয়া ব্যক্ত কৰিছিল৷ তেওঁলোকে প্রাক্তন মাওবাদী বিদ্রোহীজনক নৱেম্বৰ মাহৰ ২২ তাৰিখে হ’বলগীয়া বহু প্রত্যাশিত সংবিধান সভাৰ নিৰ্বাচনটোৰ সম্ভাৱনাক মষিমূৰ কৰাৰ চেষ্টা কৰা বুলি দোষাৰোপ কৰে ৷ সাধাৰণ মানুহে ধাৰণা কৰিছিল যে মাওবাদী বিদ্রোহীসকলে নিজকে এটা বিদ্ৰোহী সংগঠনৰ পৰা গণতান্ত্ৰিক ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰি জনতাৰ সমৰ্থন আদায় কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। সেয়ে তেওঁলোকে নির্বাচনত বিধি -পথালি দিছে।

 একাংশ বাতৰি কাকতে মাওবাদীসকলে ২২ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সংবিধান সভাৰ নিৰ্বাচন স্থগিত ৰখাৰ বাবে অভিসন্ধি ৰচনা কৰা বুলিও বাতৰি পৰিৱেশন কৰে। ধাৰাবাহিকভাৱে তেওঁলোকৰ বিৰুদ্ধে পৰিৱেশিত বাতৰি আৰু প্ৰবন্ধবোৰ মাওবাদীসকলৰ কাৰণে চিন্তাৰ কাৰণ হৈ পৰিছিল। খঙত অগ্নিশর্মা হৈ অভিযোগ খণ্ডন কৰাৰ নিমিত্তে অধ্যক্ষ প্রচণ্ডই ২৬ আগষ্টত তেওঁলোকৰ দলীয় স্থিতি সন্দৰ্ভত স্পষ্টীকৰণ দি এটা বিবৃতি প্ৰেৰণ কৰে। বিবৃতিটোত কোৱা হয়—

‘আমাৰ দলে (মাওবাদী) ২২ নৱেম্বৰ তাৰিখে হ’বলগীয়া সংবিধান
সভাৰ নিৰ্বাচন পিছুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰি বৰ্তমানৰ
সংবাদপত্ৰসমূহে বাতৰি প্ৰকাশ কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে।
অভিযোগবোৰ সম্পূৰ্ণ ভিত্তিহীন আৰু ই পূর্বপৰিকল্পিত অপপ্ৰচাৰৰ
বাদে অন্য একো নহয়। জুন মাহৰ মধ্যভাগত অনুষ্ঠিত হ'বলগীয়া
নিৰ্বাচনটো পিছুৱাই নিয়াৰ ক্ষেত্ৰত হাত থকা শক্তিবোৰেহে আমি
নিৰ্বাচনটোৰ বিৰোধী বুলি উৰাবাতৰি প্ৰচাৰ কৰিছে।'

 মাওবাদী নেতাজনে এই সন্দৰ্ভত যুক্তি দি কয় যে কোনেও সংবিধানসভাৰ নিৰ্বাচনক লৈ সন্দেহ প্ৰকাশ কৰা উচিত নহয় যিহেতু নেপালক এখন প্রজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে

১৪৭