পৃষ্ঠা:প্ৰচণ্ড.pdf/১৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈ আছিলোঁ, কাৰণ তেওঁক ইয়ালৈ অনাৰ দায়িত্ব ময়েই লৈছিলোঁ। সেয়ে তেওঁ কাঠমাণ্ডুত দীঘলীয়া সময়ৰ কাৰণে থকাটোত মই জোৰ দিয়া নাছিলোঁ আৰু তেওঁক দাঁতিত নমাই থৈ আহিছিলোঁ। তেওঁ তালৈ সংগঠনৰ কামত যাবলৈ বিচাৰিছিল।’

 প্ৰচণ্ডৰ নাটকীয় ৰাজহুৱা আৱিৰ্ভাৱত সমগ্ৰ নেপালতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। আনকি ৰজাৰ অত্যন্ত অনুগতজনেও মাওবাদী নেতাজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল। ‘প্ৰচণ্ডৰ নেপালৰ ভৱিষ্যৎ সম্পৰ্কে আগবঢ়োৱা দৃষ্টিভংগীৰ উত্থাপন পদ্ধতিত মই অতিকে মুগ্ধ। মই ক’বই লাগিব যে তেওঁ অতি প্ৰশংসনীয়ভাৱে জাতীয় আৱেগক তুলি ধৰিলে।’ ৰজা জ্ঞানেন্দ্ৰৰ প্ৰাক্তন মন্ত্ৰী ৰমেশ নাথ পাণ্ডে প্ৰচণ্ডৰ প্ৰসংগত এনেদৰে মন্তব্য কৰে।

 প্ৰচণ্ডৰ ৰাজহুৱা আৱিৰ্ভাৱ তথা আঠদফীয়া চুক্তি স্বাক্ষৰিত হোৱাত নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহ অতি উৎসাহিত আৰু উৎফুল্লিত হৈ পৰিল। ‘দ্য কাঠমাণ্ডু প’ষ্ট’ৰ এটা সম্পাদকীয়ত লিখিছিল—

‘চলিত সময়ছোৱাত দেশখনত কিছুমান অগতানুগতিক পৰিৱৰ্তন সাধন
হৈছে। এপ্ৰিল মাহৰ ২৪ তাৰিখে ৰজাৰ ঘোষণাৰ পাছৰ পৰা হ’বলৈ
ধৰা এই পৰিৱৰ্তনত ২০০৬ চনৰ জুন মাহৰ ১৬ তাৰিখে ঘোষিত
হোৱা চুক্তিখনে ইয়াত অন্য এটা উল্লেখনীয় মাইলৰ খুঁটি স্থাপন কৰিলে।’

 কিন্তু প্ৰচণ্ডই দীৰ্ঘদিন আত্মগোপন কৰি হঠাৎ ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰিবলগীয়া হোৱাত কিছু অসুবিধাৰ সন্মুখীন হ’ল। তেওঁ এই জীৱন অতি জটিল যেন অনুভৱ কৰিলে। শান্তি প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ লগে লগেই তেওঁৰ কাম কৰাৰ ধৰণ সলনি হ’বলৈ ধৰিলে। জনযুদ্ধক নেতৃত্ব দিয়াৰ তুলনাত এই শান্তি প্ৰক্ৰিয়াৰ সংগ্ৰাম তেওঁৰ বাবে অধিক উদ্বেগজনক যেন লাগিল। এই গত প্ৰচণ্ডই কৈছে— ‘নেৰানেপেৰাকৈ চলা ৰাজনৈতিক তৰ্কযুদ্ধ বহু উদ্বেগেৰে ভৰপূৰ। যেতিয়া মই আত্মগোপন কৰি হাবিয়ে-বননিয়ে বা ভাৰতবৰ্ষত আছিলোঁ, তেতিয়াও মোৰ কোনো স্বাস্থ্যজনিত সমস্যা নাছিল। কিন্তু এতিয়া মই উচ্চ ৰক্তচাপ আৰু স্পণ্ডেলাইটিছ ৰোগত আক্ৰান্ত।’

১৩৯