পৃষ্ঠা:প্ৰচণ্ড.pdf/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঐতিহাসিক চানৱাং বৈঠকৰ পাছত মাওবাদী প্ৰধান প্ৰচণ্ড, থাৱাঙত

সাধন কৰিবলৈ গৈ আছে। ‘জনাদেশ’ৰ মানোঋষি ধিতালে এই বিষয়ে কয়—

‘চানৱাঙৰ বৈঠকত অধ্যক্ষ প্ৰচণ্ডই প্ৰথমবাৰৰ বাবে ঘোষণা কৰে যে
নেপালত ৰাজতন্ত্ৰৰ বিলুপ্তি ঘটোৱাৰ বাবে সংগ্ৰাম গঢ়ি তুলিবলৈ
কমিউনিষ্ট পাৰ্টি অৱ নেপালে (মাওবাদী) আন ৰাজনৈতিক দলবোৰৰ
সৈতে হাত মিলাব।’

 ৩ ছেপ্টেম্বৰত মাওবাদীসকলে যুদ্ধবিৰতি ঘোষণা কৰে। মূলসুঁতিৰ ৰাজনৈতিক নেতাসকলে মাওবাদীৰ এই পদক্ষেপক আদৰণি জনায়। ৰাজনৈতিক দলবোৰে ৰজা জ্ঞানেন্দ্ৰৰ চৰকাৰক মাওবাদীৰ যুদ্ধবিৰতিৰ প্ৰতি ইতিবাচক সঁহাৰি জনাবলৈ আহ্বান জনায়। যুদ্ধবিৰতি সন্দৰ্ভত গিৰিজাপ্ৰসাদ কৈৰালাই কৈছিল—

‘মই মাওবাদীসকলৰ সিদ্ধান্তক ইতিবাচক দৃষ্টিৰে লৈছোঁ। তেওঁলোকে
(মাওবাদীসকলে) ৰাজনৈতিক দলবোৰৰ অনুৰোধত একপক্ষীয়
যুদ্ধবিৰতি ঘোষণা কৰিছে। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম শক্তিশালী কৰিবলৈ
আমি মাওবাদীসকলে যুদ্ধবিৰতিৰ ঘোষণা কৰাৰ পাছত সৃষ্টি হোৱা
শান্তিপূৰ্ণ পৰিৱেশৰ সদ্ব্যৱহাৰ কৰিম।’

 যুদ্ধবিৰতি সম্পৰ্কে প্ৰচণ্ডই পাছত কৈছিল— ‘১২ দফীয়া চুক্তি স্বাক্ষৰ কৰাৰ আগমুহূৰ্তত, মই একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিলোঁ। মই ভাবোঁ, ৰজা জ্ঞানেন্দ্ৰই

১২৩