পৃষ্ঠা:প্ৰচণ্ড.pdf/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিহাৰী বাজপেয়ী, বিজেপি নেতা এল কে আদৱানিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতাক লগ ধৰিছিল। আটাইকেইগৰাকী ৰাজনৈতিক নেতাই নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে কৈৰালাই হাতত লোৱা পদক্ষেপক সমৰ্থন জনাইছিল। আচলতে, আশীতিপৰ এই নেপালী ৰাজনৈতিক নেতাগৰাকীৰ প্ৰতি ভাৰতৰ ৰাজনৈতিক মহলৰ বিশেষ সন্মান আছিল, কাৰণ তেওঁ ১৯৪২ চনত ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। কৈৰালাই কাঠমাণ্ডুলৈ উভতি যোৱাৰ পাছতো চিটাউলাই মাওবাদী নেতাসকলৰ লগত নতুন দিল্লী আৰু নয়দাত কেইবাবাৰো আলোচনাত বহিছিল যাতে তেওঁলোকৰ লগত অন্ততঃ একধৰণৰ জোঁটবন্ধন কৰিব পৰা যায়। চিটাউলাই কয়—

‘ৰজা জ্ঞানেন্দ্ৰক ক্ষমতাৰ পৰা আঁতৰোৱাটো আমাৰ দুয়োপক্ষৰ সমূহীয়া
লক্ষ্য আছিল। আদৰ্শগতভাৱে আমি এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব
পৰা নাছিলোঁ। কাৰণ আমি নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো
বিচাৰিছিলোঁ, আনহাতে মাওবাদীসকলে গণৰাজ্য প্ৰতিষ্ঠা আৰু বিধান
পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই আহিছিল। তথাপি আমি
আলোচনাত বহিবলৈ সিদ্ধান্ত লৈছিলোঁ।’

 নতুন দিল্লীত বহুদিন ধৰি আলোচনা চলিছিল। ভাৰতীয় ৰাজনীতিক তথা আমোলাসকলে নেপালী নেতাসকলৰ প্ৰতি পূৰ্ণ সমৰ্থন দিছিল। আলোচনাবোৰ মূলতঃ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰৰ অস্থায়ী কাৰ্যালয় বা দিল্লী বিশ্ববিদ্যালয়ৰ সমীপৰ এটা ঘৰত অনুষ্ঠিত হৈছিল। এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হোৱাৰ স্বাৰ্থত ৰাজনৈতিক দল আৰু মাওবাদী নেতৃত্ব উভয়পক্ষই লাহে লাহে কিছু এৰা-ধৰা কৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে ৰাজনৈতিক দলবোৰক একত্ৰিত কৰাটো এটা অত্যন্ত কঠিন কাম আছিল৷ ৰোক্কাৰ মতে, ২০০৫ চনত ১২ দফীয়া চুক্তিপত্ৰখনৰ এখন খচৰা প্ৰস্তুত কৰা হয়। অৱশ্যে ইয়াৰ স্বাক্ষৰ প্ৰক্ৰিয়াটো সমাপ্ত হওঁতে আৰু দুমাহ লাগিছিল। এই বিষয়ে ৰোক্কাই কয়—

‘২০০৫ চনৰ ছেপ্টেম্বৰত মই মোৰ ঘৰত ৰাজতন্ত্ৰবিৰোধী শিবিৰৰ
এখন বৈঠকৰ আয়োজন কৰিছিলোঁ। মাত্ৰ কেইজনমান নেতা সেই
সভাত উপস্থিত আছিল যদিও আমি ভালেমান বিষয়ত আলোচনা
কৰিছিলোঁ। সেইদিনাখনেই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাউথ
এছিয়া চেণ্টাৰৰ গৱেষক অমৰেশ সিঙ চুক্তিপত্ৰখনৰ অনুমোদিত
খচৰাখন লৈ উপস্থিত হৈছিল।’

 আনহাতে, মাওবাদীসকলেও ছেপ্টেম্বৰত চানৱাঙত এখন বৈঠক অনুষ্ঠিত কৰে। বৈঠকত প্ৰচণ্ডই সংগঠনটোৰ আন নেতাসকলক জনায় যে তেওঁলোকে এটা অসাধ্য

১২২