পৃষ্ঠা:প্ৰচণ্ড.pdf/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দি ফুৰা সেনাৰ গাড়ী আৰু ৰয়েল নেপাল আৰ্মি (এতিয়া নেপাল আৰ্মি)ৰ জোৱানসকলে জনসাধাৰণক সন্ত্ৰস্ত কৰি তুলিছিল। ৰাজনৈতিক দল তথা অন্যান্য সংগঠনৰ প্ৰায় এহেজাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমতত উপনীত হোৱাত বাৰ্থ হোৱা আৰু নিৰ্বাচন অনুষ্ঠিত কৰাত অসমৰ্থ হোৱা বুলি ৰাজনৈতিক দলসমূহৰ ওপৰত দোষ জাপি দি ৰজাই জৰুৰী অৱস্থাৰ সমৰ্থনত যুক্তি দিছিল।

 আৰু অধিক বিতৰ্কৰ সূচনা কৰি ১৮ ফেব্ৰুৱাৰীত ৫৭সংখ্যক গণতন্ত্ৰ দিবস উপলক্ষে প্ৰকাশ কৰা এটা বিবৃতিত ১ ফেব্ৰুৱাৰীৰ ঘটনা যুক্তিযুক্ত বুলি প্ৰকাশ কৰাৰ লগতে মাওবাদীসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনায়। বিবৃতিটোত কোৱা হয়— ‘এই কথা স্পষ্ট হৈ পৰিছে যে সাম্প্ৰতিক পৰিস্থিতিয়ে আমাক ১ ফেব্ৰুৱাৰীৰ পদক্ষেপ ল’বলৈ বাধ্য কৰিছিল। নিৰ্বাচিত প্ৰধান মন্ত্ৰীগৰাকীৰ পৰামৰ্শ অনুসৰি মন্ত্ৰীপৰিষদ ভংগ কৰি দিয়া হৈছিল। জনসাধাৰণৰ আকাংক্ষা অনুসৰি আইন-শৃংখলা বজাই ৰাখি নিৰ্বাচিত চৰকাৰখন পুনৰ সক্ৰিয় কৰাৰ বাবেই এই পদক্ষেপ লোৱা হৈছিল।’

 নাৰায়ণহিটাৰ ৰাজপ্ৰাসাদে নেপালত ৰাজনৈতিক সুস্থিৰতা ঘূৰাই আনিব পাৰিব বুলি ৰজাই যি যুক্তি দিছিল, সমগ্ৰ বিশ্বই তাৰ সমালোচনা কৰিছিল। কিন্তু অতি আশ্চৰ্যজনকভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সমালোচনা আছিল যথেষ্ট নৰম। সামৰিক অভ্যুত্থান নেপালৰ ‘আভ্যন্তৰীণ বিষয়’ বুলি মন্তব্য কৰি চীন চৰকাৰেও ৰজা জ্ঞানেন্দ্ৰক সমৰ্থন দিছিল। আনহাতে, মাওবাদী প্ৰধান প্ৰচণ্ডই সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে ৰজাই দেশখনক অন্ধকাৰৰ মাজলৈ ঠেলি দিছে।

 প্ৰচণ্ড আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে তৎক্ষণাত ৰজালৈ এটা কঠোৰ প্ৰতিবাদ বাৰ্তা প্ৰেৰণৰ সিদ্ধান্ত লৈছিল। ৯ ফেব্ৰুৱাৰীত মাওবাদী যোদ্ধাসকলে পশ্চিম নেপালৰ কাইলালিৰ এক কাৰাগাৰত আক্ৰমণ কৰে আৰু ১৪৫গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়ে। কাৰাবন্দীসকলৰ কেইবাগৰাকীও নিষিদ্ধ সংগঠনটোৰ সদস্যও আছিল। আনহাতে, সামৰিক অভ্যুত্থানৰ প্ৰতিবাদত ১ ফেব্ৰুৱাৰীত মাওবাদীসকলে আহ্বান জনোৱা বন্ধই দেশৰ গ্ৰামাঞ্চলসমূহৰ জনজীৱন ব্যাহত কৰি তোলে।

 ৰজা জ্ঞানেন্দ্ৰই অভিযান চলোৱাৰ ভয়ত একাংশ মূলসুঁতিৰ ৰাজনৈতিক নেতা দেশখনৰ পৰা পলাই আহে। কিছুসংখ্যক ৰাজনৈতিক নেতাই নেপালৰ পৰা আহি নতুন দিল্লীত আশ্ৰয় লয়। এই নেতাসকলৰ ভিতৰত অন্যতম এজন আছিল নেপালী কংগ্ৰেছৰ নেতা কৃষ্ণ প্ৰসাদ চিটাউলা।

‘নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত মই যিমান পাৰি নেপালৰ
ৰাজনৈতিক নেতাসকলৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ।
নেপালৰ পৰিস্থিতি সঁচাকৈয়ে বৰ বেয়া আছিল, গ্ৰেপ্তাৰৰ পৰা হাত
সাৰিবলৈ অধিকাংশ ৰাজনৈতিক নেতাই বিভিন্ন ঠাইত আত্মগোপন

১১৯