পৃষ্ঠা:প্ৰচণ্ড.pdf/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা গ্ৰেপ্তাৰ কৰে। বৈদ্য গ্ৰেপ্তাৰ হোৱাত প্ৰচণ্ড ভীষণভাৱে হতাশ হৈছিল। অৱশ্যে ইয়াৰ বহুতো কাৰণ আছে। প্ৰায় দুই দশকজুৰি কমডে কিৰণ মাওবাদী প্ৰধানজনৰ অতি ঘনিষ্ঠ আছিল।

 প্ৰচণ্ডই এটি সাক্ষাৎকাৰত কৈছিল—

‘আচলতে ময়ে তেওঁক চিকিৎসাৰ বাবে তাত থাকিবলৈ পৰামৰ্শ
দিছিলোঁ। কিন্তু তাত তেওঁ ভাৰতীয় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল।
তাৰ বাবে মই গভীৰভাৱে দুঃখিত।’

 প্ৰচণ্ড বিচলিত হৈ পৰাৰ অন্য এক ব্যক্তিগত কাৰণো আছিল। আৰক্ষীয়ে বৈদ্যৰ লগতে তেওঁৰ সৰু জোৱায়েক নাৰায়ণ বিক্ৰম প্ৰধানকো গ্ৰেপ্তাৰ কৰিছিল। যদিও তেওঁ প্ৰত্যক্ষভাৱে সশস্ত্ৰ সংগ্ৰামত জড়িত নাছিল, দুয়োগৰাকীকে একেলগে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। প্ৰচণ্ডৰ কনিষ্ঠ কন্যা গংগা প্ৰধানে এই বিষয়ে কয়—

‘মোৰ স্বামীক গ্ৰেপ্তাৰ কৰাৰ পাছতো পশ্চিমবংগত কোনেও জনা
নাছিল যে তেওঁ মোৰ দেউতাৰ (প্ৰচণ্ড) জোঁৱায়েক। যিহেতু মোৰ
দেউতাই জনযুদ্ধৰ নেতৃত্ব দিছিল, এনেকুৱা এটা ঘটনাৰ বাবে আমি
মানসিকভাৱে প্ৰস্তুত আছিলোঁ।’

১১৩