পৃষ্ঠা:প্ৰচণ্ড.pdf/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পণবন্দী মুখ্য জিলা বিষয়া সাগৰমণি পৰাজুলি সাক্ষাৎকাৰ গ্ৰহণ কৰি থকা
অৱস্থাত এগৰাকী বিপ্লৱী সাংবাদিক

‘সেই অভিযানত তিনিটা এল এম জি, এটা ২ ইঞ্চি মৰ্টাৰ, ১৪টা
ইনচাচ ৰাইফল, ৩৫টা এচ এল আৰ, ৬৫টা পইণ্ট ৩০৩ ৰাইফল,
সাতটা এছ এম জি আৰু চাৰিটা পিষ্টল জব্দ কৰা হৈছিল। ইয়াৰ
বাহিৰেও ৫০,০০০ বুলেট আৰু কেইবাজনো মৰ্টাৰ চে’ল জব্দ কৰা
হৈছিল।’

 আক্ৰমণৰ পাছত আৰ এন এ জোৱান, আৰক্ষী কনিষ্টবল, মুখ্য জিলা বিষয়া সাগৰমণি পৰাজুলি, উপ-আৰক্ষী অধীক্ষক ৰাণা বাহাদুৰ গৌতমকে ধৰি ৩৩গৰাকী ব্যক্তিক বন্দী কৰা হৈছিল। জেনেভা সন্মিলনৰ ঘোষণা অনুসৰি এই বন্দীসকলক ব্যৱহাৰ কৰা বুলি মাওবাদীয়ে দাবী কৰিছিল।

‘মই মুখ্য জিলা বিষয়া আৰু আৰক্ষী বিষয়াজনৰ সাক্ষাৎকাৰ লৈছিলোঁ।
আৰু সাক্ষাৎকাৰটো ৰেডিঅ’ত প্ৰচাৰ কৰাৰ বাবে মই পাহাৰীয়া দুৰ্গম
ৰাস্তাটোৰে কপিলাবস্তুলৈ আহিছিলোঁ। দশকজোৰা জনযুদ্ধৰ এইখনেই
আছিল মই দেখা আটাইতকৈ ডাঙৰ যুদ্ধ।’ ধিতালে কয়।

 মাওবাদীসকলে চৰকাৰে গ্ৰেপ্তাৰ কৰা দলৰ জ্যেষ্ঠ নেতা মাট্ৰিকা যাদৱ, সুৰেশ এল মগৰ আৰু তিলক শৰ্মাৰ মুক্তিৰ বিনিময়ত তেওঁলোকে বন্দী কৰা ৩৩গৰাকী ব্যক্তিক মুকলি কৰি দিয়াৰ প্ৰস্তাৱ দিছিল। এমনেষ্টি ইণ্টাৰনেশ্যনেলকে ধৰি ভালেকেইটা

১১১