পৃষ্ঠা:প্ৰচণ্ড.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মাওবাদী মুৰব্বীজনে ২৫ বছৰতকৈও অধিক কাল আত্মগোপন কৰি আছিল। তেওঁৰ জীৱনৰ সেই কাহিনীবোৰ বাছি উলিওৱা আৰু তাৰ সত্যাসত্য নিৰূপণ কৰাটো বৰ কষ্টকৰ কাম আছিল। প্ৰচণ্ড যিহেতু বেছিভাগ সময় ৰাজনৈতিক কাম-কাজতেই ব্যস্ত আছিল, সেয়ে আনকি তেওঁৰ নিকট আত্মীয় আৰু ঘনিষ্ঠ সহযোগীসকলো তেওঁৰ জীৱনৰ কিছুমান ঘটনাক লৈ নিশ্চিত নাছিল। কিতাপখনৰ কাম কৰিবলৈ লওঁতেই আৰম্ভণিতেই মোক জ্যেষ্ঠ মাওবাদী নেতা, প্ৰচণ্ডৰ ঘনিষ্ঠ সহযোগী বাবুৰাম ভট্টৰায়ে যথেষ্ট উৎসাহ দিছিল। মাওবাদী নেতাজনৰ বিষয়ে কিতাপ লিখাৰ পৰিকল্পনাটোত তেওঁ ৰোমাঞ্চিত হৈছিল। তেওঁ মোক সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

 মোৰ ঘনিষ্ঠ বন্ধু বিজয়লাল শ্ৰেষ্ঠাৰ কঠোৰ পৰিশ্ৰম আৰু ঐকান্তিক চেষ্টাতহে কিতাপখনে চূড়ান্ত ৰূপ পাইছিল। প্ৰতিটো পদক্ষেপতে তেওঁ মোৰ ভুলবোৰ শুধৰাই দি কিতাপখন অধিক সজীৱ কৰি তুলিছিল। তেওঁৰ চেষ্টা অবিহনে নেপালৰ সৰ্বোচ্চ ৰাজনৈতিক ব্যক্তিগৰাকীৰ বিষয়ে লিখা এই কিতাপখন কেতিয়াও সম্পূৰ্ণ নহ’লহেঁতেন।

 মই প্ৰথমে পৰিকল্পনা কৰাতকৈ কিতাপখনৰ আকাৰ ভালেখিনি বাঢ়িল। মই পোন্ধৰটামান অধ্যায়ত কিতাপখন সম্পূৰ্ণ কৰিব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু ঘটনাবোৰ বৰ্ণনা কৰি যাওঁতে ভালেমান কথা যোগ দিবলগা হ’ল। সাধাৰণ পাঠকৰ কথা মনত ৰাখি (যাতে বেছি পাঠকে কিতাপখন পঢ়িব পাৰে) কিতাপখন খুব সহজ-সৰল ভাষাত লিখা হৈছে। তদুপৰি ঘটনাৰ বিশ্লেষণ কৰাতকৈ তেওঁৰ জীৱন কাহিনী বৰ্ণনা কৰাতহে গুৰুত্ব দিয়া হৈছে।

অনিৰ্বাণ ৰয়
কলকাতা