পৃষ্ঠা:প্ৰচণ্ড.pdf/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
alt= কৃষ্ণ সেন

কৃষ্ণ সেন

আৰক্ষীৰ নিৰ্যাতনত সেনৰ মৃত্যু হোৱাৰ পাছত নেপালৰ আন সম্ভাৱনাময় সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছিল যদিও ইয়ে তেওঁলোকক তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈ অধিক দৃঢ়তা প্ৰদান কৰিছিল।

 ইউৰোপৰ পৰা নিয়ন্ত্ৰণ কৰা ৱেবছাইট www.cpnm.org-এ প্ৰচণ্ডক বিশ্ববাসীৰ আগত দলটোৰ এক উজ্জ্বল ভাবমূৰ্তি গঢ়ি তোলাত সহায় কৰিছিল।

 বাতৰিবোৰ নেপালৰ পৰা ই-মেইল কৰি পঠিওৱা হৈছিল আৰু ৱেবছাইটটো অহৰহ ইউৰোপত ‘আপডেট’ কৰি থকা হৈছিল, কাৰণ ভাৰত বা নেপালত সেয়া কৰা সম্ভৱ নাছিল।

 প্ৰচণ্ডই উপলব্ধি কৰিছিল জনযুদ্ধৰ বাৰ্তা সাধাৰণ মানুহৰ মাজত বিয়পাই দিয়াৰ বাবে কেৱল ৱেবছাইট আৰু বাতৰি কাকতেই যথেষ্ট নহয়। গতিকে তেওঁ দেশখনত পাঁচটা এফ এম ৰেডিঅ’ খোলাৰ পৰিকল্পনা কৰিলে। কিন্তু এফ এম ৰেডিঅ’ স্থাপন কৰাৰ বাবে যথেষ্ট কাৰিকৰী জ্ঞানৰ দৰকাৰ আৰু উদং ভৰিৰ কমিউনিষ্ট সৈন্যবিলাকৰ ৰেডিঅ’ ষ্টেশ্যন চলাব পৰাকৈ সিমান দক্ষতা নাছিল। সেই সময়ত আত্মগোপন কৰি থকা (মানোঋষি) ধিতালে এফ এম ৰেডিঅ’ স্থাপনৰ অভিজ্ঞতাৰ বিষয়ে কয়—

‘আমি বাৰে বাৰে চেষ্টা কৰি ৰেডিঅ’ ষ্টেশ্যন এটা স্থাপনৰ প্ৰক্ৰিয়াটো
শিকিছিলোঁ। কামটো ইমান উজু নাছিল। কিন্তু আমাৰ কমিউনিষ্ট
কমৰেডসকলে তাক সম্ভৱ কৰি তুলিছিল। খুব কম সময়ৰ ভিতৰতে
এফ এম ৰেডিঅ' ষ্টেশ্যনকেইটাই বিপ্লৱী কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ
কৰিছিল।’

 ২০০৩ চনৰ ৯ ছেপ্টেম্বৰত প্ৰথম চাৰিটা এফ এম ষ্টেশ্যন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। একেবাৰে পূব প্ৰান্তৰ ষ্টেশ্যনটো স্থাপন কৰা হৈছিল খোটা নামৰ ঠাইখনত। পূব দিশৰ জিলাকেইখনৰ বৃহৎসংখ্যক জনগণে ইয়াৰ কাৰ্যসূচী শুনিব পাৰিছিল। ভেলী নামৰ এফ এম ষ্টেশ্যনটো কাব্ৰেত স্থাপন কৰা হৈছিল। কাঠমাণ্ডুৰ পৰাও এই ষ্টেশ্যনটোৰ

১০১