এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ প্ৰগতিৰ গান॥
(৪৫)
এই যে তীৰ্থ বিদ্যাভূমি
স্বৰ্গাদপি গৰীয়সী
এই যে আমাৰ জীৱন গঢ়া
পুণ্য তপোবন
শান্তি নিকেতন॥
০ ০ ০
দুচকু থাকিও অন্ধ আমি
জ্ঞানৰ নেদেখো পথ
আমাৰ ভগন মনোৰথ,
এই তীৰ্থই দেখালে আমাক
আলোৰ স্বৰ্ণপথ।
সেয়েহে আমাৰ এই প্ৰাঙ্গণ
জীৱনৰ মৌ বন॥
০ ০ ০
আমি ফুলি আছোঁ ভাগে ভাগে
এই ফুলনিত মহাৰঙে
নতুন নতুন ৰঙীন সপোন
জাগে আমাৰ প্ৰাণে প্ৰাণে
ফুল বাগিছাৰ মালী আমি
আমাৰ চেনেহ প্ৰাণে প্ৰাণে
সুবাস বিলাই জগৎ জিনিম
সুবাস বিলাই জগৎ জিনি
হ’ম কীৰ্ত্তিমান।
এই যে আমাৰ পণ॥*
⸻
- লিখকৰ কৰ্ম্মৰত বিদ্যালয়ৰ ’বিদ্যালয় সপ্তাহ’ উপলক্ষে ৰচিত। ২০/৩/৯৮
[৬১]