এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥ প্ৰগতিৰ গান॥
(৪৩)
সূৰ্য্য উঠিল টোপনি ভাগিল
উদাস জনতাৰ,
কৰ্ম্মবিমুখ জড়তা নাশি
জাগিল কৰ্ণধাৰ॥
০ ০ ০
দলিত পীড়িত নিষ্পেষিতৰ
এই (যে) সময় মুকুতি যুঁজৰ
সমাজ জাতিষ্কাৰ,
শুনোঁ আহ্বান আকাশ বুকুত
সমাজ সজোৱাৰ॥
০ ০ ০
ধোলি মালী লাল বেগী হীৰা
বাছফোৰ বনিয়া,
ধোবী মহৰা মেটৰ মুচী
জালকেওট জালীয়া,
নমঃ শূদ্ৰ জালোমালো পাটনি সূত্ৰধৰ,
এক বাগিছাৰ কুসুম আমি গন্ধপুষ্পহাৰ॥
আহা আগবাঢ়ি ভাঙি কাৰাগাৰ
হওঁ আমি একাকাৰ॥
০ ০ ০
ঐক্যবদ্ধ সুৰেৰে আমি প্ৰগতিৰ গীত গাওঁ
পথৰ কণ্টক আঁতৰাই আমি
সমাজ গঢ়ি যাওঁ
আজি নতুন দিনৰ নতুন পুৱাত
হ’ক এই অঙ্গীকাৰ॥*
⸺
- সুৰাৰোপিত আৰু প্ৰচাৰিত
[৫৯]