পৃষ্ঠা:প্ৰগতিৰ গান.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥প্ৰগতিৰ গান॥
 

(৭)

শান্তি-ভূমি ৰাঙলী কৰি
ৰঙা শোণিতৰ আহিল বান
শত সন্তান হেৰুৱাই আজি
হ’ল জননী ম্ৰিয়মান॥

০০০


শত্ৰুবাহিনী পাহৰিলে
মহামানৱৰ নীতি মহান
সবাকো নেওচি শান্তভূমিত
চলালে নিষ্ঠুৰ অভিযান॥

০০০


চৌদিশে জ্বলি ৰণৰ অগনি।
দহিলে দেশৰ কোমল প্ৰাণ
নুমাব লাগিব লেলিহান শিখা
জাগাহে দেশৰ ন-জোৱান॥*

 
  • সুৰাৰোপিত আৰু প্ৰচাৰিত
[১৮]