কঠিন যেন নালাগিল। বিমানলৈ আগিবাঢ়ি যাওঁতেও আমাক ব্যক্তিগতভাৱে বিশেষ
পৰীক্ষা নকৰিলে। অৱশ্যে নিৰাপত্তা পৰীক্ষাৰ বাবে উন্নত অদৃশ্য ব্যৱস্থাও থাকিব
পাৰে। আবেলি ৭ মান বজাত আমাৰ বিমান ‘শিৱাজী’য়ে পেৰিছৰ মাটি এৰি ভাৰতবৰ্ষ
অভিমুখে নীল আকাশলৈ উৰা মাৰিলে। এক বুজাব নোৱৰা গভীৰ আৱেগসমৃদ্ধ
ভাল লগাৰ স্মৃতিৰে পেৰিছ মহানগৰীক বিদায় জনালো।
বিমানৰ ভিতৰত আমাৰ তিনিওৰে আসন খিৰিকীৰ কাষত। মোৰ সমুখত পৰমাৰ, পৰমাৰ সমুখত সিং। খিৰিকীৰে বাহিৰৰ দৃশ্য চাই যাব পাৰি। বিমান আকাশলৈ উঠাৰ ক্ষন্তেক পাচতে পেৰিছৰ উত্তৰ-পূব অংশৰ বিস্তীৰ্ণ কৃষিপামসমূহ পুনৰ চকুত পৰিল। ছবিৰ দৰে, বিশাল হালধীয়া, সেউজীয়া, মটীয়া, গেৰুৱা আদি বিভিন্ন ৰঙৰ, আয়তাকাৰ, বৰ্গাকাৰ, ট্ৰেপিজিয়ামাকাৰ ইত্যাদি বিভিন্ন আকাৰ আৰু আকৃতিৰ শস্যক্ষেত্ৰসমূহে এক অপূৰ্ব সৌন্দৰ্য প্ৰকাশ কৰিছিল। মাজে মাজে উজ্জ্বল বগা ৰঙৰ বেৰ আৰু ৰঙা ৰঙৰ চালৰ সৰু সৰু পামঘৰ দেখা গৈছিল। সময় যোৱাৰ লগে লগে আন্ধাৰ নামি আহিল, আকাশখনে ক্ৰমে সোণালী, শেঁতা ৰঙা আৰু অৱশেষত কজলা বৰণ ধৰিলে, আৰু কৰবাৰ পৰা এসোপা আন্ধাৰ মেঘ আহি ভূপৃষ্ঠ আবৰি ধৰিলে। ইতিমধ্যে বিমানৰ ভিতৰত ভালদৰে খোৱা-লোৱা চলি আছিল। আমিও ভালদৰে খাই ল’লো আৰু এটা সময়ত টোপনিৰ কোলাত ঢলি পৰিলো। সমগ্ৰ ৰাতি ইউৰোপ আৰু এছিয়াৰ বহুতো দেশ, নদী, পাহাৰ, অৰণ্য, মৰুভূমি অতিক্ৰম কৰি ৰাতিপুৱা ৭-৩০ বজাত এক উজ্জ্বল ৰাতিপুৱা আমাৰ বিমান মোৰ নিজৰ দেশ ভাৰতবৰ্ষৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰিলে। পৰমাৰ এইখন বিমানেৰেই মুম্বাইলৈ যাব। পৰমাৰক বিদায় জনাই সিং আৰু মই বিমানৰ পৰা নামিলো। সিং নিজামুদ্দিন ৰে’লষ্টেচনলৈ গ'ল। মই ময়ূৰ আসাম হোটেললৈ ৰাওনা হ’লো। ইয়াৰ পাচৰ কাহিনী অতি চমু। এদিন দিল্লীত কটালো আৰু ডলাৰ, য়ুৰো আদি ভঙাই টকালৈ পৰিৱৰ্তন কৰিলো। পাচদিনা জেট এয়াৰৱেজৰ বিমানেৰে গুৱাহাটীলৈ ৰাওনা। পুনৰ গুৱাহাটীত এদিন ৰাত্ৰিবাস। তাৰ পাচদিনা বাছেৰে তেজপুৰ আৰু তেজপুৰৰ পৰা বিশ্ববিদ্যালয়ৰ বাছেৰে আহি এক উষ্ণ দুপৰীয়া ১-৩০ বজাত নপামত পদাৰ্পণ কৰিলো। লগে লগে মোৰ প্ৰায় দুসপ্তাহজাৰা এইলানি ভ্ৰমণৰ এক ভাগৰুৱা সামৰণি পৰিল।
ইউৰোপৰ এক অতি উন্নত জাতিৰ দেশ ফ্ৰান্সৰ এক অতি ঐতিহ্যমণ্ডিত মহানগৰ পেৰিছ যাত্ৰাৰ প্ৰাকক্ষণত সিদ্ধান্ত কৰিছিলো যে, এই ভ্ৰমণকালত ইউৰোপৰ উন্নত সভ্যতা আৰু আমাৰ সভ্যতাৰ মুখ্যতঃ পেৰিছ মহানগৰীত প্ৰতিফলিত হোৱা মৌলিক
পাৰ্থক্যখিনি কিছু বুজিবলৈ চেষ্টা কৰিম। ইয়াৰ পৰিপ্ৰেক্ষিতত পেৰিছত উপস্থিত
৪৩