পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


ঘূৰি আহিলো। বন্দৱস্ত হ’ল পিচদিনা আবেলি ৩মান বজাত পৰমাৰক তেওঁৰ কোঠাত লগ ধৰিম। গাখীৰ, পাওৰুটি, মাখন আৰু আপেলেৰে ৰাতিৰ আহাৰ কৰি বিছনাত পৰিলো। দিনটো ইমান ঘূৰি ফুৰাৰ পাচত নিদ্ৰাদেৱীয়ে সোনকালেই আঁকোৱালি ল’লে।

 পিচদিনা ৰাতিপুৱা উঠোতে কিছু দেৰি হ'ল। বস্তু-বাহানিবোৰ ঠিকঠাক কৰি যাত্ৰাৰ বাবে সাজু হ’লো। ওজন কমাবৰ বাবে অদৰকাৰী সকলোবোৰ বস্তু পেলালো। কোঠাটো পৰিষ্কাৰ কৰিলো। আজি একৰ্ড হোটেলৰ সেই প্ৰাচুৰ্যময় ৰাতিপুৱাৰ জলপান নাই! গাখীৰ, আপেল, পাওৰুটিৰেই ৰাতিপুৱাৰ আহাৰ কৰিব লগা হ’ল।তাৰ পাচত সিঙৰ লগত বিশ্ববিদ্যালয় প্ৰাংগণটো কিছু ফুৰিবলৈ ওলালো। ব্যস্ততাৰ বাবে এইটো ভালদৰে চোৱা হোৱা নাই। পিচে দেওবাৰ বাবে সকলোবোৰ বন্ধ। ছাত্ৰ-ছাত্ৰী বেছি নাই। কিছুমানে ভিতৰৰ খেতি পথাৰত ফুটবল খেলি আছে। দুগৰাকীমান শকত বয়সিয়াল মানুহ ভিতৰৰ ৰাস্তাবোৰত দৌৰি আছে। প্ৰায় সকলোবোৰ ঘৰেই বন্ধ। বিৰক্ত হৈ সিং ঘূৰি আহিল। মই বিশ্ববিদ্যালয় প্ৰাংগণৰ পৰা ওলাই বুলভাৰ বুৰ্দাৰে কিছু আগবাঢ়ি গ’লো। কিছু আগবাঢ়ি এখন ষ্টেডিয়াম পালো। বেছ আধুনিক যেন বোধ হ’ল। কংক্ৰিটৰ কাম বেছি নাই। বিভিন্ন লৰচৰ কৰিব পৰা অংশৰেহে এইখন তৈয়াৰী যেন লাগিল। বুলভাৰ ঝুৰ্দ্যাৰ এফালে বিশ্ববিদ্যালয়ৰ প্ৰাংগণ। আনফালে নতুন আৰু পুৰণি ভৱনৰ অপূৰ্ব সংমিশ্ৰণ। বিগত সপ্তাহটো বেছি স্ফূৰ্তিৰে কটোৱা মনোমোহা পেৰিছ মহানগৰ এৰি যাব লগাৰ বেদনা বুকুত লৈ নিজৰ কোঠালৈ ঘূৰি আহিলো।

 আৰু ৰ’বলৈ সময় নাই! সিং আৰু মই দুয়ো বস্তু-বাহানি লৈ চাবি অভ্যৰ্থনা কক্ষত জমা দি RER-Bৰে লুক্সাঁ‌বুৰ্গ আহিলো। ৰে’ল ষ্টেচনতে সিঙক বস্তু-বাহানিৰে সৈতে বহুৱাই থৈ পৰমাৰৰ কোঠালৈ আহিলো। পৰমাৰে বস্তু-বাহানি বান্ধি সাজু হৈয়েই আছিল। পৰমাৰে ৰাতিপুৱা কুমাৰক লণ্ডনলৈ যাবৰ বাবে ৰে’ল ষ্টেচনত বিদায় দি আহিল। দুয়ো ওলাই আহি পৰমাৰৰ চাবি অভ্যৰ্থনা কক্ষত জমা দি লুক্সাঁ‌বুৰ্গ ষ্টেচনলৈ আহিলো। RER-Bৰে আমি তিনিওজনে আহি আবেলি ৪ মান বজাত শ্যাৰ্ল দি গোল বিমানবন্দৰ পালো। বেছ মুকলি পৰিবেশ। জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট বিমান বন্দৰত মানুহৰ বেছ ভিৰ দেখিছিলো আৰু বিমানলৈ যাবৰ বাবে নিৰ্দিষ্ট দুৱাৰখন পাওঁতে কিছু অসুবিধা হৈছিল। পিচে ইয়াত একেখন মজিয়া আৰু ছালৰ তলত সকলোবোৰ মুকলিকৈ থকা বাবে কোনো অসুবিধা নহ’ল। মানুহৰ ভিৰো কম। আন্তৰ্জাতিক বিমানবন্দৰ

যদিও আৰক্ষী খুব এটা বেছি নেদেখিলো। বাহ্যিক দৃষ্টিত নিৰাপত্তা ব্যৱস্থাও খুব এটা

৪২