পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


জাৰ্মানীৰ ডৰ্টমুণ্ড চহৰত অৱশ্যে যথেষ্ট সংখ্যক বৃহৎ বিপণী থকা যেন অনুমান হৈছিল। বিশেষকৈ তাত ক’প বুলি এবিধ বৃহৎ বিপণী বহু ঠাইত দেখিছিলো। পেৰিছত অৱশ্যে সৰু সৰু বিপণীসমূহো বেছ সজাই পৰাই ৰখা দেখিছো। আমি ঘূৰি ফুৰোতে এবাৰ এখন ডাঙৰ বিপণী দেখিলো। খাদ্য, প্ৰসাধন সামগ্ৰী, কিতাপ, আলোচনী, সজোৱা বস্তু, ইলেকট্ৰনিক বস্তু, কাপোৰ আদি দৈনন্দিন লগা সকলো বস্তুৱেই আছে। মই কিছু খাদ্যসামগ্ৰী আৰু ঘৰৰ বাবে কেইটামান আঁতৰৰ বটল কিনিলো। সিং, পৰমাৰ আৰু কুমাৰেও কিবাকিবি কিনিলে। পৰমাৰ আৰু কুমাৰৰ থকা ঠাই তাৰপৰা একেবাৰে ওচৰত, খোজকাঢ়ি যাব পাৰি। সিং আৰু মই তেওঁলোকক লুক্সাঁবুৰ্গত এৰি RER-Bৰে বিশ্ববিদ্যালয়লৈ ঘূৰি আহিলো। অত্যধিক ভাগৰ লাগিছে, বেলেগ কথা চিন্তা নকৰাকৈ নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লো।

 পিচদিনাও গতানুগতিকভাৱে সিঙৰ লগত ওলাই গৈ একৰ্ড হোটেলত ৰাতিপুৱাৰ জলপান খালো। এইকেইদিন কত কি খাইছো হিচাপ নাই! ভাত বা ভাতসদৃশ বস্তু দেখাও নাই, বিচাৰিও ফুৰা নাই। প্ৰচুৰ খাইছো কল, আপেল, গাখীৰ, সুমথিৰা টেঙা, পাওৰুটি, মাখন, জেলী, চকলেট আৰু নাম নজনা কিবাকিবি! একো দুৰ্বল অনুভৱ কৰা নাই। খোৱাৰ সময়ৰৰ ঠিক নাই— ভোক লাগিলেই খাইছো, ভোক গুচিলেই খাব এৰিছো! পানী আৰু ফলমূল মোৰ নিত্যসংগী শান্তিনিকেতনৰ ৰঙা মোনাটোত সদায় আছেই। মাজতে সিঙে ভাৰতীয় ৰেষ্টোঁৰা বিচাৰি যাব ওলাইছিল। পিচে আমি বাকীকেইজনে কথাটোত সিমান উৎসাহ নিদিলো। একৰ্ড হোটেলৰ পৰা ইউনেস্কোৰ কাৰ্যালয়লৈ গলো। সম্পূৰ্ণ আগবেলাটো সন্মিলনত উপস্থিত থাকিলো। তাৰপৰা ওলাই চাৰিওজনে পুনৰ ইফেল স্তম্ভৰ ওচৰলৈ গ’লো।সকলোৱে মুখ্যতঃ বন্ধু-বান্ধৱীক উপহাৰ দিবৰ বাবে সৰু-সুৰা বস্তু কিনিলো। ঘূৰি আহি সিং আৰু মই বিশ্ববিদ্যালয়লৈ আহিলো, পৰমাৰ আৰু কুমাৰ লুক্সাঁবুৰ্গলৈ গ'ল। বন্দৱস্ত হ’ল, ৰাতি নিশাৰ পেৰিছ চাবৰ বাবে ওলাম। নিজৰ কোঠালৈ আহি অলপ শুই ল’লো। আবেলি ৬মান বজাত উঠি সাজু হ’লো। সিঙৰ লগত ওলাই RER-Bৰে লুক্সাঁবুৰ্গলৈ আহিলো। খোজকাঢ়ি গৈ পৰমাৰহঁতৰ কোঠা পালো। চিৰা, মুৰি, ভুজিয়া, কল, আপেল, পাওৰুটি, মাখন, জেলী, আচাৰ, কেঁচা জলকীয়া, বিলাহী, তিয়হ আদিৰ সংমিশ্ৰণেৰে এক অদ্ভুত খাদ্য গ্ৰহণ কৰিলো। নিশাৰ পেৰিছৰ বাবে নিৰ্বাচন কৰিলো মৌলি ৰৌজ নামৰ বিশ্ববিখ্যাত নৈশ ক্লাব থকা অঞ্চলটো। পেৰিছৰ প্ৰায় সকলোবোৰ পৰ্যটন পুস্তিকাতে এই নৈশ

ক্লাবটো আৰু ইয়াত প্ৰদৰ্শিত কেবাৰে নৃত্যৰ প্ৰচুৰ বিজ্ঞাপন আছে। কেবাৰে হ’ল এক প্ৰকাৰ অৰ্ধ উলংগ যৌন আবেদনময় নৃত্য আৰু প্ৰায়বোৰ অভিজাত নৈশ ক্লাবতে

৩২