পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


ঘণ্টা। এইবাৰ আমি ‘চাৰিসিদ্ধ’ই পুনৰ ওলালো পেৰিছৰ পৰ্যটন বিভাগৰ কাৰ্যালয় বিচাৰি। শ্যাৰ্ল দি গোল—এতোৱাল ৰে’ল ষ্টেচনৰ কাষত পৰ্যটন বিভাগৰ কাৰ্যালয় অৱস্থিত। মানচিত্ৰৰ পৰা গম পালো যে, M-6ৰ এটা মূৰৰ আস্থান হ’ল এই ষ্টেচনটো। গতিকে কামব্ৰন ষ্টেচনৰ পৰা M-6ৰে গৈ শ্যাৰ্ল দি গোল—এতোৱাল ষ্টেচন পালো। ওচৰতে আছিল যদিও বহু ৰাস্তাৰ সংগমস্থলী হোৱা বাবে পৰ্যটন বিভাগৰ কাৰ্যালয় বিচাৰি উলিওৱাত যথেষ্ট কষ্ট হ’ল। আমি উপস্থিত হোৱা সময়ত কাৰ্যালয় বন্ধ হ’বৰ সময় হৈছে, কৰ্মচাৰীবোৰ যাবৰ বাবে বেছ ব্যস্ত! কাৰবাৰটো আমাৰ চৰকাৰী কাৰ্যালয়ৰ দৰেই লাগিল। ইয়াত বিনামূলীয়াকৈ বিতৰণ কৰা পেৰিছ তথা ফ্ৰান্সৰ বিভিন্ন ধৰণৰ মানচিত্ৰ আৰু পুস্তিকা আছিল। মই কেইখনমান ল’লো। পৰমাৰে ফ্ৰান্সৰ কৃষিপাম আৰু খেতিপথাৰ সম্পৰ্কীয় তথ্য অনুসন্ধান কৰিলে যদিও ইয়াৰ কৰ্মচাৰীবোৰ এই সম্পৰ্কে বেছি অবগত নহয় যেন অনুভৱ হ’ল। তেওঁলোকৰ মতে মুখ্য চাবলগা বস্তুসমূহ পেৰিছ মহানগৰীৰ ভিতৰতে আছে। কাৰ্যালয়ৰ বাহিৰতে কেবাটাও আলিবাটৰ সংগমস্থলটোতে আছে আৰ্ক-দু ত্ৰিয়মফ তোৰণ। দেখাত আমাৰ নতুন দিল্লীৰ ইণ্ডিয়া গেট বা মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ দৰে এই তোৰণখন সজা হৈছিল ঊনবিংশ শতিকাৰ আৰম্ভণিতে আৰু ই সেই সময়ৰ ফৰাছী স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন। বিশাল আকাৰৰ এই তোৰণৰ পৃষ্ঠভাগত বিভিন্ন সুন্দৰ প্ৰকাণ্ড ভাস্কৰ্যও সংযোজিত কৰা হৈছে। ইতিমধ্যে সন্ধিয়া ৯ মান বাজিল, আকাশত তেতিয়াও সূৰ্য! ভাগৰ লগাত চাৰিওজনে ওভতনি যাত্ৰা কৰি আমাৰ নিজ নিজ বাসস্থান পালো। সিদিনাৰ বাবে ৰাতি ওলাই যোৱাৰ পৰিকল্পনা পৰিত্যাগ কৰি বিছনাত পৰিলো।

 গতানুগতিকভাৱে ৰাতিপুৱা সিঙৰ লগত একৰ্ড হোটেলত ৰাতিপুৱাৰ জলপান খাই ইউনেস্কোৰ কাৰ্যালয় গলো৷ মোৰ বাবে আৱশ্যকীয় বক্তৃতা থকাত প্ৰায় সমগ্ৰ আগবেলাটো সন্মিলনত উপস্থিত থাকিলো। পাচবেলা আগৰ দৰে চাৰিওজনে খোজকাঢ়ি ফুৰিবলৈ ওলালো। ইউনেস্কোৰ কাৰ্যালয়ৰ পৰা উত্তৰলৈ খোজকাঢ়ি গৈ আমি পালো লেজাঁভালিদ। ই পেৰিছ মহানগৰীৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান। ইয়াৰ ভিতৰত এটি সামগ্ৰিক সংগ্ৰহালয় আৰু এটি সুন্দৰ গীৰ্জা আছে। গীৰ্জাটোৰ ওপৰ অংশ সোণালী ৰঙেৰে তিৰবিৰাই আছে। গীৰ্জাৰ ভিতৰত প্ৰথম নাপালেয়ঁৰ সমাধি আছে। লেজাঁভালিদৰ পৰা ওলাই আমি ক্ৰমে উত্তৰলৈ ছিয়েন নদীৰ পাৰলৈ

আগবাঢ়ি গ’লো। প্ৰশস্ত ৰাজপথ, গাড়ীৰ সংখ্যা কিন্তু খুব বেছি নহয়। দুয়োফালে দুশাৰী প্ৰকাণ্ড ওখ ওখ স্তম্ভ—ওপৰত জিকমিক কৰি থকা সোণালী ৰঙেৰে বোলোৱা অপৰূপ ভাস্কৰ্য! ভাস্কৰ্যসমূহ গ্ৰীক দেৱ-দেৱীৰ মূৰ্তি যেন লাগিল। ছিয়েন নদীৰ পাৰ

২৬