পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম

অতি নিম্ন। উন্নত মানচিত্ৰ একোখনে মানুহৰ দৈনন্দিন ঘূৰাপকা কিমান সুবিধা আৰু দ্ৰুততা দিব পাৰে সেয়া কেৱল ব্যাপক প্ৰয়োগকাৰীয়েহে অনুভৱ কৰিব পাৰে। পৰ্যটনকাৰীসকলৰ বাবে ই একেবাৰেই অপৰিহাৰ্য। এনে ক্ষেত্ৰত অসমৰ মহানগৰকেইখন, পৰ্যটন কেন্দ্ৰসমূহৰ, ৰে'ল-বাছ-বিমান পথসমূহৰ, আৰু সমগ্ৰ অসমখনৰে সকলো অঞ্চলৰ বিস্তৃত মানচিত্ৰ থকাটো বা প্ৰস্তুত কৰাটো, আৰু এইবোৰৰ ব্যাপক ব্যৱহাৰ আৰম্ভ কৰাটো সংশ্লিষ্ট সকলোৰে বাবে অতি আৱশ্যকীয়। ইচ্ছা তথা উৎসাহ হ'লে, এইবোৰ প্ৰস্তুত বা প্ৰয়োগ কৰা একো টান কাম নহয়, আৰু তাৰ বাবে অত্যুন্নত প্ৰযুক্তি বা বেছি ধনৰ প্ৰয়োজন নাই, প্ৰয়োজন মনৰহে।

 পেৰিছৰ সুদৃশ্য বৃহৎ মানচিত্ৰখনত চকু ফুৰাই পেৰিছৰ বিভিন্ন দৰ্শনীয় স্থানৰ অৱস্থান, ৰাস্তা-ঘাট সম্পৰ্কে এক সুন্দৰ ধাৰণা হ’ল। অনুভৱ হ’ল এইখন বোধহয় বিশ্বৰ ভিতৰতে সবাতোকৈ সহজ মহানগৰ। পেছিকে কেন্দ্ৰ কৰি সমগ্ৰ ইলে দা-ফ্ৰান্স কিছুমান জ’নত বিভক্ত। সমগ্ৰ পেৰিছকে মহানগৰীখন হ’ল ১ নম্বৰ জ’ন। ইয়াৰ চাৰিওফালে ২ নম্বৰ জ’ন। তাৰ চাৰিওফালে ৩ নম্বৰ জন ইত্যাদি। কাৰ্টে অৰেঞ্জ বা আন ৰে’ল-বাছ- মেট্ৰোৰে'লৰ টিকটসমূহ বেলেগ বেলেগ জ’নত প্ৰযোজ্য হোৱাকৈ কিনিবলৈ পোৱা যায়। পেৰিছ মহানগৰীখন প্ৰায় ডিম্বাকৃতিৰ, বা প্ৰায় বৃত্তাকৃতিৰ বুলিও ক’ব পৰা যায়। নট ই ডামক কেন্দ্ৰ কৰি ইয়াৰ গড় ব্যাসাৰ্ধ হ’ব প্ৰায় ৬ কিলোমিটাৰ। ইয়াৰ মাজেৰে ইয়াৰ প্ৰাণপ্ৰৱাহৰ দৰে প্ৰৱাহিত হৈছে ছিয়েন নদী। পেৰিছ মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পৰিবহণ ব্যৱস্থা অতি উন্নত তথা ব্যাপক। বাছ মেট্ৰোৰে’ল আৰু আঞ্চলিক ৰে'ল— RERৰ উপৰি দূৰ অঞ্চললৈ যাবৰ বাবে আছে ফ্ৰান্সৰ মুখ্য ৰে'ল—SNCF, দ্ৰুতগামী য়ুৰোৰে’ল—য়ুৰোষ্টাৰ আৰু চুম্বকীয় ৰে'ল TGV। মহানগৰৰ ভিতৰত ৰেলপথসমূহ সাধাৰণতে ভূগৰ্ভস্থ। পেৰিছৰ বহিপৃষ্ঠ বিভিন্ন আলিবাটে মকৰাৰ জালৰ দৰে বেঢ়ি আছে আৰু প্ৰায় সকলোবোৰ মুখ্য আলিবাটেৰে বাছ চলাচলৰ ব্যৱস্থা আছে। কিন্তু ৰে'লৰ তুলনাত ইয়াৰ গতিবেগ কম। গতিকে গৰিষ্ঠসংখ্যক লোকে ইয়াত মেট্ৰোৰে’লহে ব্যৱহাৰ কৰে। পেৰিছ মহানগৰ আৰু ইয়াৰ উপকণ্ঠ সংযোগী মুঠতে ১৪টা মেট্ৰো ৰে'লপথ আছে। প্ৰতিটো ৰে'লপথ দুটা ষ্টেচনৰ মাজত অৱস্থিত। এইবোৰক আমি M-1, M-2, M-3 আদিৰে অভিহিত কৰিছো। অৱশ্যে মেট্ৰোৰে’লপথসমূহৰ জংচনো বহু আছে। পেৰিছৰ উপকণ্ঠ অঞ্চলত দ্ৰুতগামী যাতায়াতৰ বাবে আছে আঞ্চলিক ৰেল RER, RER-A, RER-B আদি এই ৰে'লপথ আছে মুঠতে ৫ টা। দুইমূৰে থকা দুটা ষ্টেচনৰ মাজত অৱস্থিত RER

ৰেলপথত ষ্টেচনৰ সংখ্যা কম আৰু এই ৰে’লসমূহ দ্ৰুতভাৱে যাতায়াত কৰে। ইয়াৰ

২১