পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


 ভাগৰ যথেষ্ট লাগিছিল যদিও ভালদৰে গৰম পানীৰে এবাৰ গা ধুই লোৱাত বেছ সতেজতা অনুভৱ কৰিলো। ইতিমধ্যে মোৰ নিত্যসংগী শান্তি নিকেতনৰ সুদৃশ্য ৰঙা মোনাটোত বহুতো পেৰিছ মহানগৰীৰ মানচিত্ৰ গোট খাইছিল, বোধহয় কাৰ্টে অৰেঞ্জ কিনোতে দিছিল। সেইকেইখনত এবাৰ ভালদৰে চকু ফুৰোৱাটো উচিত বুলি ভাবি বিছনাত ভালদৰে বহি সেইকেইখন মেলি ল’লো। মানচিত্ৰ অধ্যয়ন মোৰ এটা চখ বুলিয়েই ক'ব পাৰি আৰু ই বেছ আমোদজনক। যিকোনো নতুন ঠাইলৈ গ'লেই সদায় তাৰ কেইখনমান মানচিত্ৰ সংগ্ৰহ কৰিবলৈ যত্ন কৰো। মানচিত্ৰৰ ব্যৱহাৰে নতুন ঠাইত বঢ়িয়া কাম দিয়ে। ইয়াৰ পৰা ঠাইখনৰ দৰ্শনীয় স্থানসমূহৰ অৱস্থান সম্পৰ্কেও এটা ধাৰণা ল’ব পৰা যায় আৰু আলিবাটৰ লোকক বেছি নোসোধাকৈয়েই আত্মবিশ্বাসেৰে ঠাইখনত ঘূৰি ফুৰিব পাৰি। জাৰ্মানী বা পেৰিছ—দুয়ো ক্ষেত্ৰতে বিভিন্ন ধৰণৰ মানচিত্ৰৰ ব্যাপক প্ৰয়োগ দেখিছো আৰু ইয়াত প্ৰত্যেকেই কোনো ঠাইৰ নিৰ্দেশনা দিবলৈ হ'লেই তৎক্ষণাৎ এখন মানচিত্ৰ মেলি লয়। হয়তো সমগ্ৰ ইউৰোপতে মানচিত্ৰৰ প্ৰয়োগ অতি ব্যাপক। পেৰিছৰ প্ৰতিটো ৰে’লষ্টেচন, মেট্ৰোৰেল ষ্টেচন, বাছ ষ্টেচন বা বিমান বন্দৰত বিভিন্ন ধৰণৰ মানচিত্ৰ দেখিছো। এইবোৰৰ বেছিভাগতে অন্ততঃ তিনিখন মানচিত্ৰ আছেই—এখন পেৰিছ মহানগৰীৰ, এখন পেৰিছ মহানগৰী অৱস্থিত হোৱা ৰাজ্য—ইলে দা ফ্ৰান্সৰ, আৰু আনখন সেই অঞ্চলৰ বিস্তৃত মানচিত্ৰ। আৰু সকলোবোৰ মানচিত্ৰ একেধৰণে ছপা কৰা আৰু ভালদৰে সজাই ৰখা। কোনো কোনো ঠাইত সজাই ৰখা একোখন মানচিত্ৰৰ তলত থকা লক্ষ্যস্থানৰ নামসমূহৰ নিৰ্দিষ্ট চাবি টিপি দিলে মানচিত্ৰখনত লক্ষ্যস্থানলৈ গোটেই পথটো বন্তিৰে উজলি উঠি পথটো নিৰ্দেশ কৰে। তদুপৰি জপাই ৰাখিব পৰা বিভিন্ন উদ্দেশ্যত ছপোৱা ভিন ভিন ধৰণৰ মানচিত্ৰ ৰেল বা বাছ ষ্টেচন, বেংক, ডাকঘৰ, আন কাৰ্যালয়, বিভিন্ন বিপণী, পৰ্যটন বিভাগৰ কাৰ্যালয় আদি সকলোতে হয় কিনিবলৈ বা এনেয়ে পোৱা যায়। দৈনন্দিন জীৱনযাত্ৰাত উন্নত মানচিত্ৰৰ ব্যাপক প্ৰয়োগে মানুহক বহু বেছি দ্ৰুতগামী কৰি তুলিব পাৰে আৰু সময়ৰো ব্যাপক প্ৰয়োগ সভ্যতাৰ এক মাপকাঠী বুলি ধৰিব পাৰি আৰু এনে অৰ্থতো ইউৰোপ আমাতকৈ বহু বেছি সভ্য!

 আনহাতে আমাৰ ইয়াত মানচিত্ৰৰ কোনো প্ৰয়োগ নাই বুলিয়েই ক'ব পাৰি। কেৱল কোনোবাই ভূগোল পঢ়িলেহে দেশ,ৰাজ্য, জিলা, মহকুমা আদিৰ মানচিত্ৰ কিছু অধ্যয়ন বা অংকন কৰে।নগৰ, মহানগৰসমূহৰ কোনো উন্নত মানচিত্ৰ পোৱা নাযায়। আনহে নালাগে গুৱাহাটী মহানগৰীৰেই মানচিত্ৰ এখন বিচাৰি পোৱাটো কঠিন। পৰ্যটন বিভাগে

অসমৰ কিছুমান পৰ্যটন মানচিত্ৰ প্ৰকাশ কৰিছে যদিও এইবোৰৰ মান তুলনামূলকভাৱে

২০