পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম

 নটইডাম হ’ল এটা পুৰণি ঐতিহ্যমণ্ডিত সুন্দৰ স্থাপত্য আৰ্হিৰ গীৰ্জা। ছিয়েন নদীৰ মাজত অৱস্থিত এই গীৰ্জাটো সাজি উলিওৱা হৈছিল দ্বাদশ শতিকাৰ মাজভাগৰ পৰা চতুৰ্দশ শতিকাৰ মাজভাগৰ ভিতৰত। এই গীৰ্জাটোৰ অৱস্থানক শূন্য ধৰি ফ্ৰান্সৰ আলিবাটৰ দূৰত্বসমূহ নিৰ্দেশ কৰা হয়। চিটে য়ুনিভাৰ্চেটে’ৰৰ পৰা RER-Bৰে আহি চা মিশ্যা ষ্টেচনত নামিলো, দূৰত্ব চাৰি কিলোমিটাৰমান হ’ব। তাৰপৰা খোজকাঢ়ি ছিয়েন নদীৰ এটি সুঁতি পাৰ হৈ নটইডাম পালো। সমগ্ৰ গীৰ্জাটোৱে এক পুৰণি কিন্তু গম্ভীৰ সৌন্দৰ্য প্ৰদান কৰি আছে। আন্ধাৰ হোৱা বাবে ভিতৰত সোমোৱা নহ’ল। সমুখত কিছু ঘূৰাপকা কৰিলো। গীৰ্জাটোৰ সমুখত এখন বেছ ডাঙৰ পকা চোতাল। ঠাইখিনি পেৰিছবাসীৰ সান্ধ্য ভ্ৰমণৰ এক জনপ্ৰিয় স্থান যেন লাগিল। বিভিন্ন চৌখিন পোছাক পৰিহিত পুৰুষ-মহিলা, যুৱক-যুৱতী, ল’ৰা-ছোৱালী সমগ্ৰ অঞ্চলতে অলসভাৱে ঘূৰি ফুৰিছে। নটইডামৰ চৌদিশে ছিয়েন নদীৰ পাৰে পাৰে উজ্জ্বল আলোকশোভিত বিভিন্ন বিপণী। তীব্ৰভাৱে জ্বলি উঠা বিদ্যুৎ বস্তিবোৰৰ আলোক ছিয়েন নদীত বিচ্ছুৰিত হৈ এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি কৰিছে। দূৰৈৰ সেই সৌন্দৰ্য উপভোগ কৰিবলৈ আকৌ চোতালখনত কিছুমান দূৰবীক্ষণ যন্ত্ৰও আছে, কিছু পইচা সুমুৱাই দি কেই মিনিটমানৰ বাবে যন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰি। জাৰ্মানীত থকা সময়তো এনে পইচা সুমুৱাই ব্যৱহাৰ কৰিব পৰা দূৰবীক্ষণ বিভিন্ন ঠাইত দেখিছিলো। কেৱল দূৰবীক্ষণ যন্ত্ৰই নহয়, পইচা সুমুৱাই দি শীতল পানীয়, চিগাৰেট, বিস্কুট, চকলেট আদি বিভিন্ন বস্তু কিনিব পৰা বা পইচা সুমুৱাই ৰে’ল-বাছ-ট্ৰামৰ টিকট কিনিব পৰা আদি বিভিন্ন ব্যৱস্থাও পেৰিছত দেখিছো। এনে ব্যৱস্থা জাৰ্মানীতে আছে, আৰু হয়তো ইউৰোপৰ প্ৰায়বোৰ দেশতে আছে। আনকি কিছুবছৰ আগলৈকে পেৰিছ বা জাৰ্মানীৰো প্ৰায়বোৰ ঠাইতে পইচা সুমুৱাই টেলিফোন কৰাটো বহুলভাৱে জনপ্ৰিয় আছিল, কিন্তু এতিয়া কাৰ্ডৰ ব্যৱহাৰ আৰম্ভ হোৱাত মুদ্ৰাৰ ব্যৱহাৰ প্ৰায় লুপ্ত হ’ল। এনেধৰণৰ মুদ্ৰাচালিত যন্ত্ৰৰ ব্যৱহাৰে ইউৰোপৰ জনসাধাৰণক বেছ সা-সুবিধা প্ৰদান কৰিছে। ফলত কম জনসংখ্যাৰ এই দেশসমূহে পৰিচালনা কৰা মানুহৰ অভাৱত এই সেৱাসমূহৰ পৰা বঞ্চিত হ’বলগা হোৱা নাই, আৰু য’তে-ত’তে এই সেৱাসমূহ পাব পৰা হৈছে। আমাৰ দেশতো এনে ধৰণৰ যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ হৈছে যদিও ইয়াৰ ব্যাপকতা বহুত কম। আৰু আমাৰ সংস্কৃতি এনে যে, যন্ত্ৰসমূহ হয় বেয়া হৈ থকাৰ বা যন্ত্ৰবোৰ ভাঙি জমা হোৱা পইচাসমূহ চোৰে লৈ যোৱাৰ সম্ভাৱনাই অধিক। বিশেষকৈ পইচা দি ‘লোকেল কল’ কৰিব পৰা টেলিফোন বহু ঠাইত আছে যদিও এইবোৰ কাৰ্যক্ষম অৱস্থাত

থকা কমেইহে দেখিছো। নটইডামৰ চাৰিওপিনে ঘূৰি-পকি চাই আমি ছিয়েন নদীৰ

১৮