পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

মঙহ, গৰুৰ মঙহ, চকলেট, চীজ আদি ভৰাই দিয়া বিভিন্ন বাৰ্গাৰ, চকলেট, কেক আদি আন খাদ্যবস্তুও আছে। গৰুৰ মঙহ থাকিব পাৰে বুলি পৰমাৰ আৰু কুমাৰে বাৰ্গাৰ নল’লে, চকলেট আদি আন খাদ্যবস্তু কিছুমান ল’লে। মোৰ ভোক লাগিছিল, এটা ‘ভেজ বাৰ্গাৰ’ ল’লো, পানীৰ বটল ল’লো। খাই খাই খোজকাঢ়ি ঘূৰি আহিলো। হঠাতে এজন ভাৰতীয় যেন লগা মানুহ আহি আমাক পাকিস্তানী নেকি আৰু উৰ্দু জানো নেকি সুধিলে। আমি ভাৰতীয় আৰু হিন্দী জানো বুলি ক’লো। হঠাতে মানুহজন গুচি গ’ল, হয়তো কোনোবা পাকিস্তানী বন্ধু বিচাৰি ফুৰিছে। ৰাতি ১২ মান বজাত মোৰ কোঠা আহি পালো। ভাগৰ লগাত একো কথা চিন্তা নকৰি শুই থাকিলো। পেৰিছত প্ৰথম দিনটো অত্যধিক ব্যস্ততাৰে অন্ত পৰিল।

 দিল্লীৰ পৰা পেৰিছলৈ যাত্ৰাৰ এই প্ৰথম দিনটোত কিছুমান গুৰুত্বপূৰ্ণ অভিজ্ঞতা হ’ল। প্ৰথম কথা হ’ল ইয়াৰ বিমান বন্দৰৰ প্ৰশাসনিক নিয়মবোৰ বেছ সহজ। বিমানৰ পৰা নমাৰ পাচত মাত্ৰ আমাৰ পাছপ’ৰ্ট আৰু ইয়াৰ ভিছাখন চাইছিল আৰু এটা ষ্টাম্প মাৰি দিছিল। জাৰ্মানীলৈ আহোতেও মাত্ৰ পাছপ’ৰ্ট-ভিছাখন চাইছিল। আনহাতে ইয়াৰ আগতে জাৰ্মানীলৈ আহোতে দিল্লীৰ বিমান বন্দৰত বিভিন্ন ক্ৰিয়াকাণ্ড কৰিব লগা হৈছিল। এইবাৰ পিচে দিল্লীতো সহজ দেখিলো। পৰ্যটক— বিশেষকৈ বিদেশী পৰ্যটকক বিৰক্ত নকৰিবলৈ বিমান বন্দৰৰ প্ৰশাসনিক নিয়মসমূহ অতি সহজ আৰু যথাযথ হোৱা উচিত। অন্যথা আমাৰ দেশ কোনে ভ্ৰমণ কৰিব? দ্বিতীয়তে, পেৰিছত দেখিলো ছাত্ৰাবাসসমূহৰ ব্যৱস্থাও অতি সুন্দৰ আৰু যথাযথ। প্ৰতিটো ছাত্ৰাবাসৰে নিয়ম-কানুন কিছু স্বতন্ত্ৰ। ইয়াৰ পৰিচালনা প্ৰায় হোটেলৰ দৰেই। প্ৰতিটোতে একোটা কাৰ্যালয় আৰু আৱশ্যকীয় কৰ্মচাৰী থাকে। আবাসীসকলে তাৰ পৰা এবাৰ চাবি লোৱাৰ পাচত কোঠাটোৰ দায়িত্ব তেওঁৰ। অৱশ্যে কাৰ্যালয় ছাত্ৰাবাসসমূহে বেছ ভালদৰে চোৱাচিতা কৰে আৰু তাৰ বাবে আবাসীসমূহৰ পৰা আমাৰ হিচাপত এক বুজন পৰিমাণৰ ধনো আদায় কৰে। বেছিভাগ ছাত্ৰাবাসতে কোঠাসংলগ্ন স্নানাগাৰ বা শৌচাগাৰৰ ব্যৱস্থা নাই, এইবোৰ কেইবাটাও কোঠাৰ আবাসীয়ে ব্যৱহাৰ কৰিব পৰাকৈ বেলেগকৈ থাকে। তদুপৰি স্নানাগাৰত সকলো সময়তে গৰম আৰু ঠাণ্ডা পানী পোৱা যায়। পিচে শৌচাগাৰসমূহত পানীৰ ব্যৱস্থা নাই। দৰাচলতে প্ৰায়বোৰ পশ্চিমীয়া দেশতে শৌচাগাৰত পানীৰ সলনি ‘টয়লেট পেপাৰ’ ব্যৱহাৰ কৰা হয় বাবেই হয়তো পানীৰ ব্যৱস্থা ৰখা হোৱা নাই। কিন্তু প্ৰায়বোৰ কোঠাতে আকৌ এটি বেছিন আৰু লগতে গৰম-ঠাণ্ডা পানীৰ সুব্যৱস্থা আছে। তলাচাবিৰ ব্যৱস্থাও সুন্দৰ। সকলো ছাত্ৰাবাসতে

এখন মূল দুৱাৰ থাকে আৰু তাৰবাবে সকলো আবাসীৰে একেই চাবি থাকে। নিজৰ

১৪