পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

মোৰ নিত্যসংগী সৰু টেবিলঘড়ীটোত ৰাতিপুৱা ৪ বজাৰ এলাৰ্ম দি আগদিনা ৰাতি শুই থাকিলো। সাৰ পালো ৩ মান বজাতেই। গা-পা ধুই সাজু হৈ হোটেলৰ বিল দি অট’ৰিক্সাৰে ৰাতিপুৱা ৬ বজাৰ আগতেই দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হ’লো। ৰাতিপুৱা ৯মান বজাৰ ভিতৰতে কেইবাখনো বিমান বিশ্বৰ বিভিন্ন ঠাইলৈ উৰা মাৰিবলৈ বন্দৰত সাজু হৈ আছিল। গতিকে বিমান বন্দৰত ভিৰো আছিল যথেষ্ট। এনেতে ডুবাইলৈ যাত্ৰা কৰিবলৈ অহা কেইগৰাকীমান যাত্ৰীয়ে ইংৰাজী নজনা বাবে তেওঁলোকৰ ‘এমবাৰ্কমেন্ট’ কাৰ্ড’কেইখন পূৰাই দিবলৈ অনুৰোধ কৰিলে। শেষত এনে যাত্ৰী প্ৰায় পঞ্চাশজনমান হ’ল, আৰু প্ৰত্যেকৰে কাৰ্ড’বোৰ মই পূৰাই দিবলগীয়া হোৱাত প্ৰায় এঘণ্টামান গ’ল। এইসকল যাত্ৰীৰ বেছিভাগেই আছিল বাঙালী। ডুবাইৰ বিভিন্ন কোম্পানীত কাঠমিস্ত্ৰী, বিদ্যুৎ কৰ্মী, জ্বালাই কৰ্মী, ৰংকৰা কৰ্মী আদি বিভিন্ন কৰ্মী হিচাপে নিযুক্তি পাই যাবলৈ ওলাইছে। তেওঁলোকৰ আয়ৰ কথা সোধাত ক’লে যে, সকলো খৰচ বাদ দি তেওঁলোকৰ প্ৰত্যেকেই মাহে দহ হাজাৰমানকৈ টকা ঘৰলৈ পঠিয়াব পাৰিব বুলি আশা কৰে, যিটো তেওঁলোকৰ বাবে ভাৰতত একেবাৰেই অসম্ভৱ। আৰব ৰাষ্ট্ৰসমূহত অসংখ্য ভাৰতীয় লোক ভিন ভিন ক্ষেত্ৰত নিযুক্ত হৈ আছে। অৱশ্যে তাৰ ভিতৰত অসমীয়াৰ সংখ্যা একেবাৰেই নগণ্য। বিশ্বৰ যিকোনো দেশৰ পৰা কৰ্মৰ জৰিয়তে নিজ দেশলৈ ধন অনাটো সেই দেশখন সমৃদ্ধ কৰাৰ এটা উপায়। নিজৰ কৰ্মকুশলতাৰ জৰিয়তে উন্নত দেশসমূহে নিজৰ শ্ৰম তথা প্ৰযুক্তিৰ বিনিময়ত সমগ্ৰ বিশ্বৰ পৰাই প্ৰচুৰ সম্পদ আহৰণ কৰিছে আৰু ই সেই দেশসমূহৰ সমৃদ্ধিৰ এটা কাৰণ। সমগ্ৰ বিশ্বখন এখন মাত্ৰ গাঁৱত পৰিণত হোৱা আধুনিক যুগত নিজৰ অঞ্চল, ৰাজ্য বা দেশখনতে খামুচি ধৰি থাকি একোটা জাতি আজি সমৃদ্ধিশালী হোৱাটো কোনোপধ্যেই সম্ভৱ নহয়।

 প্ৰায় ৭-৩০ মান বজাতহে পেৰিছমুখী আমাৰ বিমানৰ চেক ইন আৰম্ভ হ’ল। টিকট দেখুৱাই চুটকেছটো জমা দি ব’ৰ্ডিং পাছলৈ আজৰি হ’লো। বিমানৰ ক্ষেত্ৰত এই চেক ইন, চিকিউৰিটি চেক, ব’ৰ্ডিং আদি কাম সকলো যাত্ৰীৰ বাবে একেলগে হয় বাবে ৰে’ল বা বাছ যাত্ৰাৰ তুলনাত ইয়াত গোটেই ব্যৱস্থাটো মোৰ বেছ আন্তৰিক আৰু পৰিষ্কাৰ যেন লাগে। ইয়াৰ পাচত বেছি সময় ৰ’ব লগা নহ’ল। পৰ্যায়ক্ৰমে ইমিগ্ৰেছন চেক, চিকিউৰিটি চেক, ব’ৰ্ডিং আদি পৰ্যায় পাৰ হৈ অৱশেষত পেৰিছ যাত্ৰাৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিমান ‘শিৱাজী’ৰ অভ্যন্তৰত প্ৰবেশ কৰিলো। ৯ বজাত বিমান উৰিল; সঁচাকৈয়ে বিশ্বৰ অন্যতম ঐতিহ্যমণ্ডিত মহানগৰী পেৰিছ অভিমুখে

যাত্ৰা কৰিলো, এক মৃদু উত্তেজনা! কিছু সময়ৰ ভিতৰতে বিমানখনে মেঘৰ স্তৰবোৰ

১০