পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
লৌকিক গীত

হেন সব ফুল-বনে স্বামী নাহি পাশে।
ফুলিল সকল ফুল হে
কোকিলে কাঢ়ে ৰাৱ
ধীৰে ধীৰে মলয়া শীতল বহে বাৱ॥
পূৰিল সকল দিশ হে ভ্ৰমৰে কৰে বোলে।
সফল জীৱন যাৰ প্ৰাণনাথ কোলে॥—ইত্যাদি

 বন-গীতৰ আৰ্হিৰে ৰচিত এইবোৰ গীত পুৰণিকলীয়া লৌকিক গীতৰ চানেকি।