বুদ্ধি আদি সকলো ইন্দ্ৰিয়বৃত্তিবোৰৰ ভিতৰেদি কুসুম-সুৰভিত হৰিনামৰ
প্ৰৱাহহে চলিব লাগে। “ইবাৰ নেৰিবা মোক” আদি
কাতৰোক্তিৰ পিছতো ভক্তই যেতিয়াই প্ৰভুৰ পাদ-মূলত আশ্ৰয়
পাবৰ যোগ্য হয় নে নহয় বুলি নিজৰ ওপৰত অন্তৰ্দৃষ্টি স্থাপনা
কৰে, তেতিয়াও একান্ত ভক্তৰ মনত সংশয়ৰহে উদ্ৰেক হয়। কাণ,
চকু, জিভা, মন আদি ইন্দ্ৰিয় আৰু বৃত্তিবোৰেও ঈশ্বৰৰ গৌৰৱধ্যান
অৱহেলা কৰি নিজ নিজ স্বভাৱত চলা যেন দেখে। তেতিয়া হৃদয়ৰ
কাতৰ্য ভাব ইন্দ্ৰিয়সকলৰ প্ৰতি ভৎৰ্সনাত উদ্দীপিত হৈ উঠে। এই
দীপ্ত ভাবত কিন্তু প্ৰকৃত পৰিচালক ৰাগ, অভিমানৰ ছায়া নাই।
ইয়াত জোনাকী পৰুৱাৰ প্ৰভা আছে, কিন্তু দাহিকা শক্তি নাই।
“হে জিহ্বা সদা তই আমাত নিৰ্দয় ভৈলি
কেনে নোবোলস ৰাম-বাণী।
সংসাৰ সাগৰে ইটো হৰিহে সুদৃঢ় নাৱ
জানি হৰি বুলিও কল্যাণী॥”
“শুনিয়োক চিত্ত হেৰ পৰম ৰহস্য বাণী
তুমি শুদ্ধ জ্ঞানৰ আলয়।
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ
নাছাড়িবা তাহান আশ্ৰয়॥”
“শুনিয়োক বুদ্ধি তোৰ”—ইত্যাদি প্ৰত্যেক পদতেই ইন্দ্ৰিয় আৰু চিত্তবৃত্তিবোৰক ঈশ্বৰাভিমুখী হ’বলৈ ভৎৰ্সনা মিশ্ৰিত কাতৰ মিনতি কৰা হৈছে।
নামঘোষাৰ নামান্বয় খণ্ড অতি ৰহস্যময়। গ্ৰন্থৰ দ্বিতীয় পদতেই মাধৱদেৱে নিৰ্গুণ বিষ্ণুৰ সগুণ দশাৱতাৰৰ বৰ্ণনা কৰিছে। সগুণ উপাসনা ভক্তিৰ আদি স্তৰত আৱশ্যক হ’লেও, অসীম মানৱ হিয়াত একান্ত ভক্তিৰ সোঁত নামিলে, ভাদমহীয়া ঢলৰ পানী নৈৰ গৰা ভাঙি পাৰ বাগৰি যাৱাৰ দৰে ই সীমাবদ্ধ সগুণ উপাসনাত আৱদ্ধ হৈ থাকিব নোৱাৰে। ভক্তিৰসত যেতিয়া সকলো চিত্ত-বৃত্তিবোৰ আলোড়িত হৈ উঠে, তেতিয়া ৰাম, কৃষ্ণ, নাৰায়ণ আদি সীমাবাচক