নামঘোষা
সাম্প্ৰদায়িক উৎপীড়নত কামৰূপ ৰাজ্য এৰি গৈ কোচবিহাৰৰ অন্তৰ্গত ভেলাডোৱাৰত সত্ৰ পাতি থাকোঁতে মহাপুৰুষ মাধৱদেৱে জীৱনৰ শেষ ভাগত এই অনুপম ঘোষা গ্ৰন্থ ৰচনা কৰে।
নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে। একশৰণ ধৰ্মৰ মাহাত্ম্য-প্ৰতিষ্ঠাপক গ্ৰন্থ নামঘোষাত বাজে অসমীয়া ভাষাত আৰু দ্বিতীয় নাই। শঙ্কৰদেৱৰ কীৰ্তন পুথিত গল্পৰ ছলেৰে উপদেশ আছে আৰু তেওঁৰ ‘ভক্তি-ৰত্নাকৰ’ আৰু ভট্টদেৱৰ ‘ভক্তি-বিবেক’ এই দুখন গ্ৰন্থ ভক্তি-গৌৰৱ-পৰিচায়ক হ’লেও মূল সংস্কৃত শ্লোক কেতবোৰৰ সংগ্ৰহ মাথোন। সেই দেখি এই দুখনক জাতীয় সাহিত্যৰ ভিতৰুৱা বুলি ধৰিব নোৱাৰি। এই দুখনত বাজেও গোপাল মিশ্ৰ নামে বৈষ্ণৱ পণ্ডিত এজনাৰ ‘ঘোষা-ৰত্ন’ নামে অসমীয়া পদত লিখা প্ৰায় সম-বিষয়ক গ্ৰন্থ এখন আছে। কিন্তু ভাষাৰ সৌষ্ঠৱ, ভাবৰ ঐক্য, একাগ্ৰতা আৰু প্ৰগাঢ়তাত ই নামঘোষাৰ তলৰ শ্ৰেণীৰ পুথি; আৰু যি যি গুণৰ অৱস্থিতিয়ে নামঘোষাক বিচাৰি-গ্ৰন্থৰ শাৰীৰপৰা সাহিত্যৰ ভিতৰলৈ আনে ঘোষা-ৰত্নত সেইবোৰ সমূলি অবৰ্তমান।
নামঘোষা আৰু ওপৰত উল্লেখ কৰা আন গ্ৰন্থবোৰ শিক্ষা মূলক সাহিত্যৰ ভিতৰত পৰে আৰু একেবাৰে শিক্ষা-মূলক হ’লে কোনো গ্ৰন্থৰেই লোক-সাহিত্য হিছাপে বিশেষ মূল্য নাথাকে, যদিওবা শিক্ষা অতি ওখ ধৰণৰে হয়। কিন্তু নামঘোষা বিশুদ্ধ উপদেশমূলক নহয়। ই মহানুভৱ পুৰুষ এজনাৰ আত্ম-প্ৰকাশ মাথোন।
নামঘোষাৰ ৰচনা কাল বিবেচনা কৰিবলগীয়া। সকলো মহা-সাহিত্যৰ ওপৰতে কালৰ জটিল প্ৰভাৱবোৰৰ ছায়া পৰে। নামঘোষাৰো ঠায়ে ঠায়ে কালৰ প্ৰভাৱ ধৰিব পৰা যায়। নামঘোষা