ঘুমটিৰ ছলে নিচুকিয়া মই
চকু মেলি থাকো চাই!
কেনেকুৱা গোটে কাণ খাই ফুৰে
চিনায়োক মোক আই।
যশোদাদেৱীয়ে কৃষ্ণৰ মনত সন্দেহ, বিষাদ, আশঙ্কা দেখি তধা লাগি চাই আছে। শেহত সন্তান-প্ৰেমত বিকল হৈ “মিছাসে বুলিয়া মুখে স্তন দিয়া কৃষ্ণক সাবটি ধৰে।”
কবিতা হিছাপে আগৰ অৱতাৰবোৰৰ সোঁৱৰণি অতুলনীয় সৌন্দৰ্য-প্ৰকাশক। বেলেগ বেলেগ যুগত বিষ্ণুৰ বেলেগ বেলেগ অৱতাৰবোৰৰ মাজত শিশু-কৃষ্ণৰ জীৱনৰ এক মুহুৰ্তৰ ভিতৰেদি সামঞ্জস্য স্থাপন কৰি লোৱা হৈছে। গোটেই কবিতাটোৰ ভাবৰ ঐক্য-সূত্ৰ হৈছে এই পদফাকি,
সিও কালে মই লাগ নপাইলোহো
কাণ-খোৱা কেনেকুৱা।
সকলো অৱতাৰৰেই ক্ষুদ্ৰাতিক্ষুদ্ৰ সকলোবোৰ ঘটনা মনত পৰে কিন্তু,
কাণ-খোৱা নামে বীৰগোট আছে
নুশুনিলো সিও কালে।
বৈষ্ণৱ কবিৰ ৰচনা কৌশল কেনে চমক লগোৱা! ভক্ত কবিয়ে বিষ্ণুৰ নানাৰ অৱতাৰৰ গুণ-গৰিমাত ভক্তিত আপ্লুত হৈ সেইবোৰ ধ্যান কৰিবৰ ছলেৰে কবিতাটো লিখিছে। কিন্তু মানৱ হিয়াৰ
স্বাভাৱিক স্নেহেৰে উপলব্ধি কৰিব পৰা নিঃসহায় বাল্য-ভাব উপাস্য দেৱতাত আৰোপ কৰি বাৎসল্য-ৰসৰ ভিতৰেদি প্ৰাণৰ একান্তিকা গভীৰ ভক্তি সেই আটাইবোৰলৈ নিবেদন কৰিছে।