মৌলিক। কিন্তু বৈষ্ণৰ কবিয়ে যি নিপুণতাৰে সাধাৰণ ঘটনাত অসাধাৰণ ভাবৰ ব্যঞ্জনা কৰিছে, সি অতি বিস্ময়কৰ।
কাণ-খোৱা নাম শুনি কৃষ্ণই ভয় খালে কিন্তু মাক ওচৰত আছে বুলি কৌতুকপূৰ্ণ হাঁহি এটি মাৰি মাকৰ ওচৰ চাপি আহি ভীত-বিহ্বলভাৱে সুধিলে,
মাৱৰ বচন শুনি পাশ চাপি
হাসিয়া বোলে কানাই।
কেনেকুৱা গোটে কাণ খাই ফুৰে
চিনোৱা হাৰলী আই॥
তাৰ নাম শুনি ঘুমটি নাসয়
তৰে কাম্পে মোৰ বুক।
দেখিলে লৱৰি পলাইবাক পাৰি
সত্বৰে চিনোৱা মোক॥
ইয়াৰ পিছতেই ভক্ত কবিৰ সমস্যা বৰ জটিল হৈ পৰিল। এপিনে শ্ৰীকৃষ্ণ অখণ্ড জ্ঞান-স্বৰূপ পূৰ্ণ ব্ৰহ্ম আনপিনে অন্ততঃ লৌকিক দৃষ্টিত একান্ত মায়াৱদ্ধ মানৱ শিশু। বাল্য-জীৱনৰ ভয়, কাৰুণ্য, কৌতূহল সকলো তেওঁৰ প্ৰাণত বৰ্তমান। কৃষ্ণক সৰ্বতোভাৱে জ্ঞানৰ স্বৰূপ ঈশ্বৰ বুলি ধৰি ল’লে, কাণ-খোৱাৰ কল্পনাত কোনো অৰ্থই নাথাকে; অথচ নিতান্ত শিশু বুলি ধৰি ল’লেও ল’ৰাই ভয় পালতেই কবিতাৰ উদ্দেশ্য শেষ হোৱা যেন হয়।
এই দুয়োটা ফালৰ সামঞ্জস্য কবিয়ে যি অতুলনীয় কৌশলেৰে কৰিছে, সি অতি নিৰূপম। পৰমাৰ্থ হিছাপে বিচাৰ কৰি চালে শ্ৰীকৃষ্ণ পূৰ্ণব্ৰহ্ম অথচ মায়াত অৱতীৰ্ণ। সেই দেখি পূৰ্ণজ্ঞান থাকিলেও মায়াত অৱৰুদ্ধ বুলি তেওঁৰ মনুষ্য সুলভ ভয় আছে। নিৰ্মুক্ত পূৰ্ণব্ৰহ্ম বুলি জ্ঞানৰ বিচাৰ আছে, কিন্তু মায়াৰ গুণত ভয়ৰ সুৰ বিকম্পিত হৈ উঠে।
অনাদি-স্বৰূপে জগত স্ৰজিলো
চৰাচৰ ভেদ কৰি।