পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
পুৰণি অসমীয়া সাহিত্য


কবিৰ এই বহল পাতনিৰপৰাই সহজে অনুমান কৰিব পাৰি, জয়দেৱৰ প্ৰেম-দীপ্ত কল্পনাৰ চঞ্চলতা ইয়াত নাই। ইয়াত সৌন্দৰ্যৰ সন্নিবেশ আছে, কিন্তু সৌন্দৰ্যৰ সন্মোহন উপাসনা নাই। তাত বাজেও সৰস্বতী কবিয়ে জয়দেৱৰ গীতৰ প্ৰত্যেক ৰাগৰেই লক্ষণ বৰ্ণনা কৰি কাব্যখন চিত্ৰময় কৰি তুলিছে। মুঠতে ক’ব লাগিলে, জয়দেৱৰ কাব্য প্ৰেম- ৰসাত্মক, সৰস্বতীৰ ভাঙনি ভক্তি-ৰসাত্মক, আৰু ভণিতাত ‘ৰামকৃষ্ণ ঘুষিয়ো সম্প্ৰতি,” “ডাকি বোলা ৰাম ৰাম” ইত্যাদি আদেশৰ দ্বাৰায় অসমীয়া কবিয়ে নিজৰ অন্তৰৰ ভাবৰ পৰিচয় দিছে। জয়দেৱৰ গীত-গোবিন্দ বঙালী বৈষ্ণৱ সাধন-প্ৰণালীৰ সাহিত্যক ৰূপ, আৰু সৰস্বতীৰ ভাঙনি কৃষ্ণ-চৰিত্ৰৰ অশেষ ছোৱাৰ আখ্যান মাথোন আৰু অসমীয়া কবিয়ে তাক নিজা ৰীতিৰেই বৰ্ণাইছে।

 দ্বিজ কলাপচন্দ্ৰৰ ‘ৰাধা-বিজয়’ খণ্ডকাব্যৰ কথাও ওপৰত উনুকিওৱা হৈছে। ইয়াৰ কথা-বস্তু একেবাৰে বেলেগ ধৰণৰ হ’লেও কবিয়ে অসমীয়া ভক্তিবাদৰ সাঁচত ৰাধাদেৱীৰ অভিনৱ চিত্ৰ এটি আঁকি দেখুৱাইছে। এদিনাখন ৰুক্মিণীদেৱীয়ে কৃষ্ণৰ প্ৰতি নিজৰ একান্ত ভক্তি সুঁৱৰি মনত দৰ্প অনুভৱ কৰি কৃষ্ণক সুধিলে–তেওঁৰ শ্ৰেষ্ঠ ভক্ত কোন কোন আছে? অন্তৰ্যামী কৃষ্ণই ৰুক্মিণীৰ মনৰ ভাব বুজি এটি এটিকৈ ভকতসকলৰ নাম উল্লেখ কৰি শেষত ক’লে যে বৃন্দাবনৰ গোপীসকলৰ সমান তেওঁৰ কোনো ভকত নাই। তেওঁৰ প্ৰতি ভক্তিৰ প্ৰখৰতাৰ বাবে কুল-মৰ্যাদাকো তেওঁলোকে বিসৰ্জন দিছে। এনেকুৱা গোপীসকলৰ মাজতো ৰাধাদেৱী সৰ্বশ্ৰেষ্ঠা।

 গোপীসকলৰ বিশেষতঃ ৰাধাদেৱীৰ প্ৰশংসা শুনি ৰুক্মিণীদেৱীৰ মনত ঈৰ্ষা জাগিল আৰু ৰাধাৰনো কেনে ৰূপ কেনে গুণ চাবলৈ বুলি কৃষ্ণক ক’লে যেন ৰাধাক অনাই তেওঁলোকক দেখুৱায়। দৰ্পহাৰী কৃষ্ণয়ো প্ৰথমে আপত্তিৰ ভাও দেখুৱাই শেষত ৰাধাদেৱীক অনাবলৈ উদ্ধৱক পঠিয়াই দিলে। ব্ৰজধামত গৈ উদ্ধৱে দেখিলে—

আছম্ভ আসনে বসি ৰাধিকা গোসানী।
সদায়ে ন ছাড়ে মুখে ৰামকৃষ্ণ বাণী॥