পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীৰাধা-চৰিত্ৰ

 অসমীয়া বৈষ্ণৱ ধৰ্মত ৰাধা-কৃষ্ণৰ যুগল উপাসনাৰ পদ্ধতি নাই আৰু সেই হিছাপে ৰাধা-কৃষ্ণৰ প্ৰেম-মূলক কোনো পুথি পুৰণি অসমীয়া সাহিত্যত নাই। বঙালীৰ গীত-গোৱিন্দ কাব্যৰ অনুৰূপ ঠাই অধিকাৰ কৰি আছে অসমীয়া ৰুক্মিণী-হৰণ, কুমৰ-হৰণ আদি কাব্যই। কিন্তু পুৰণি অসমীয়া সাহিত্যত যে ৰাধাদেৱীৰ উল্লেখেই নাই, এনে নহয়। মাধৱদেৱৰ বৰগীত কেইটামানত ৰাধা-কৃষ্ণৰ ‘প্ৰেম-চাতুৰী’ৰ অলপ পৰিচয় পোৱা যায়। কবিবৰ ৰামসৰস্বতীয়ে নৰনাৰায়ণ ৰজাৰ সভাত জয়দেৱৰ গীত-গোৱিন্দৰ অসমীয়া পদত ভাঙনি কৰে [১] আৰু তেওঁৰ পুতেক দ্বিজ কলাপচন্দ্ৰই অকণি কাব্য দৰঙত বৈৰাগ্য নামে মহন্ত এজনৰ আদেশত ৰাধা-বিজয় নামে অকণি কাব্য এখনি লিখে। কিন্তু অসমীয়া কবিসকলৰ কাব্যত জয়দেৱ, বিদ্যাপতিসকলৰ কল্পিত ৰাধা চৰিত্ৰ নাই। অসমীয়া বৈষ্ণৱ মতৰ স্বতন্ত্ৰ ৰীতি অনুসৰি ৰাধাদেৱীও অসমীয়া কাব্য-সাহিত্যত কল্প সলাইছে।

 অসমীয়া কবিৰ ৰাধা-গোৱিন্দৰ ধেমেলীয়া প্ৰেম অতি অপূৰ্ব কথা। ইয়াক শিশুকৃষ্ণৰ শিশু-ভাবৰ সাঁচতে গঢ়ি তোলা হৈছে। পুৰণি সাহিত্যত শিশুকৃষ্ণৰ গোকুলত বাল্য-লীলাৰ চিত্ৰহে কবিসকলে মুকলি মনেৰে বৰ্ণনা কৰা যেন লাগে। চুৰি কৰি গোৱালিনীসকলৰ দৈ, মাখন আদি খোৱা, গোপ ল’ৰাৰ লগত দন্দ-হাই কৰা, মাকৰ আগত জেউৰ ধৰা—ইত্যাদি বিষয় পুৰণি গীত সাহিত্যত সঞ্জীৱিত হৈ উঠিছে। আন আন গোপীসকলৰ মাজত ৰাধাদেৱীও এজনা হ’লেও, ভক্তি-বৎসল কবিসকল বিমোৰত নপৰি, নিজা ৰীতি অনুসাৰেই ৰাধা কৃষ্ণৰ চাতুৰী বৰ্ণনা কৰিছে।

  1.  জয়দেৱ-কাব্যৰ কবি ৰামসৰস্বতীয়ে ধৰ্মৰাজা অৰ্থাৎ দৰঙী ৰজ৷ ধৰ্মনাৰায়ণৰ নাম লৈছে।  —সম্পাদক।