পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰণি অসমীয়া সাহিত্য


অন্তৰক আধ্যাত্মিক উপলব্ধিৰ প্ৰধান লীলা-ক্ষেত্ৰ বুলি ডাঠকৈ প্ৰতিপাদন কৰা মহাপুৰুষৰ আন এটি দান।

 আধ্যাত্মিক উপলব্ধি যদি ঈশ্বৰ আৰু শুদ্ধ মনৰ ভিতৰত বুজা-বঢ়া কৰিবলগীয়া বিষয় হয়, তেনেহ’লে সামাজিক শ্ৰেণী- বিভাগ অনুসৰি ইয়াত অধিকাৰ ভেদ থাকিব নোৱাৰে। ওখকুলীয়া মানুহহে ঈশ্বৰ আৰাধনাৰ অধিকাৰী বা নীহকুলীয়া মানুহৰ ইয়াত অধিকাৰ নাই, এনে ভেদ জ্ঞান ইয়াত থাকিব নোৱাৰে। নিষ্কাম সাধন-মাৰ্গত সকলোৰে অধিকাৰ সমান আৰু এই বাটত কোনে কিমান আগ বাঢ়িব পাৰে সেইটো ব্যক্তিগত চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত সামাজিক শ্ৰেণী-ভেদ বা পৌৰোহিত্যৰ ব্যৱধান নাই।

 বেদ উপনিষৎ আদি শাস্ত্ৰতো সামাজিক শ্ৰেণী ভেদ অনুসাৰে সাধনাত সিদ্ধি লাভ হয় বুলি কোনো কথা নাই বুলি পণ্ডিতসকলে কয়। ব্যক্তিগত শক্তিৰ বিকাশৰ দ্বাৰা যেয়েই পৰমাত্মাৰ অনুগ্ৰহৰ পাত্ৰ হয় সেয়েই আত্মলাভ কৰে।

 দেৱী সূক্তত ব্ৰহ্মৰূপী বাগ্ দেৱতাই কৈছে—

যং কাময়ে তং তমুগ্ৰং কৃ্ণোমি।
তং ব্ৰহ্মাণং তমৃ্ষিং তং সুমেধাম্।

 “যাক মই ( অনুগ্ৰহৰ পাত্ৰ বুলি) কামনা কৰোঁ, তাকে তেজাল ব্ৰাহ্মণ, ঋষি, মেধাবী কৰোঁ।”

 উপনিষদতো এই ধৰণৰ উক্তিয়েই আছে –

নায়মাত্মা প্ৰৱচনেন লভ্যো ন মেধয়া ন বহুনা শ্ৰুতেন।
যমেৱৈষ বৃণুতে তেন লভ্যস্তস্যৈষ আত্মা বিবৃণুতে তনূং স্বাম্॥

 ‘প্ৰৱচনৰ দ্বাৰা, মেধা শক্তি বা বহু শাস্ত্ৰ আলোচনাৰ দ্বাৰা এই পৰমাত্মা লাভ নহয়। যাক পৰমাত্মাই ( অনুগ্ৰহ কৰি ) বৰণ কৰি লয় তাৰ দ্বাৰাই ই লভ্য—; তাৰ ওচৰতহে ই ৰূপ প্ৰকাশ কৰে।” আকৌ, “নায়মাত্মা বলহীনেন লভ্যঃ” বলহীনৰ দ্বাৰা আত্মলাভ নহয়। ( মুণ্ডকোপনিষৎ )

 উপাস্য আৰু উপাসকৰ ভিতৰত কৰ্মৰ বাহুল্য, সামাজিক