পৃষ্ঠা:পাৰ্ছিয়ুছ্‌.djvu/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাৰ্ছিয়ুছ কোনোৱেই নাই। এনে অসহায় অৱস্থাত একমাত্ৰ পৰমেশ্বৰকে চিন্তি বুকত শিশুটিক বান্ধি লৈ সাগৰত উটি ফুৰিছে। দিন দিয়েকৰ পিচত এদিন তেওঁলোকে গৈ এট! দ্বীপ পালেগৈ৷ সেই দ্বীপটো বৰ আহল বহল আৰু দেখিবলৈ ধুনীয়া আছিল । সেই দেখি তেওঁবিলাকে আৰু কলৈকো যাবলৈ মন নকৰি সাগৰৰ পাৰতে এটি পঁজা ঘৰ সাজি তাতে থাকিবলৈ ললে । কালক্ৰমত সামুদ্রিক জলবায়ু পাই পাৰ্ছিয়ুছ দোপত-দোপে ডাঙৰ হৈ আহিল আৰু অলপ দিনৰ ভিতৰতে মাকৰ সোঁহাত স্বৰূপ হৈ পৰিল। কিছুকাল থকাৰ পিচত এদিন কিছুমান জালোৱাই সাগৰত মাছ মাৰিবলৈ আহোঁতে হঠাতে সিহঁতৰ ডেনেৰ টোকোৰা পঁজাটোলৈ চকু পৰিল । জালোৱাবোৰে ডেনেক ধুনীয়া পোনা একণিৰে সৈতে এনে অসহায় অৱস্থাত সাধাৰণ পঁজা এটাত থকাৰ কাৰণ সুধিলে। ডেনেই সকলো- বোৰ কথা কৈ দিয়াত জালোৱাবোৰে তেওঁক সিহঁতৰ ৰজাৰ ওচৰলৈ লৈ গল আৰু অনেক কৈ মেলি ৰজাৰ আশ্ৰয়তে থাকিবলৈ এটা দিহা কৰি দিলে ৷ লাহে লাহে পাছিয়ুছ ডাঙৰ হৈ আহিল, বয়সৰ লগে লগে লিখা-পঢ়া, তৰোৱাল ঘূৰোৱা, শৰমৰা আদি অস্ত্রবিদ্যাত পাৰ্গতালি লভিবলৈ ধৰিলে । - চাৰি — এই দ্বীপৰ ৰজা পলিডেক্‌টিছ। এওঁ এজন বৰ দুষ্ট আৰু নিষ্ঠুৰ প্ৰকৃতিৰ লোক আছিল । ডেনেৰ ৰূপত মুগ্ধ হৈ কেনেকৈ তেওঁক তেওঁৰ তিৰোতা কৰিব পাৰিব, তাকে দিনে