পাতনি । সৰু লৰা-ছোৱালীৰ উপযোগী কৰি লিখা বিদেশী সাধুকথা এটাৰ এই ক্ষুদ্র কিতাপখনি আজি তিনি বছৰ - মানৰ আগেয়ে লিখি থোৱা হলেও এতিয়াহে তাক প্রকাশ কৰিবলৈ সক্ষম হলোঁ । আশাকৰো যি সকলৰ উদ্দেশ্যে এই কিতাপড়খৰি লিখা হৈছে, সেইসকলে যেন ন-লিখকৰ সামান্য দোষাদোষত নেলাগি এখন এখন লৈ ভবিষ্যতে আৰু খনচেৰেক প্ৰকাশ কৰিবলৈ উদগণি দিয়ে, নহলে দৰিদ্ৰ লিখকৰ এয়ে প্রথম উদ্যম ‘আৰু এয়ে শেষ। এই খিনিতে এক্ষোৰ কথা নকৈ নোৱাৰি যে সাধু কথাটো বিদেশী সাহিত্যৰ পৰা লোৱা হলেও তাক ঠাই বুজি ভালেখিনি সাল-সলনি কৰি লিখি যাওঁতে শেহান্তৰত মূল সাধুটোৰ জকাটোহে ৰলগৈ, তথাপি ইয়াৰ পৰা কোমল- মতি পাঠক-বৰ্গৰ একো ৰুচিবিকাৰ নঘটিব বুলি আশা কৰা গল। অৱশেষত মোৰ কবলগীয়া কথা এই যে কিতাপখন প্ৰেছত দিয়াৰ আগতে ডিব্ৰুগড় George Institution ৰ সাহিত্যানুৰাগী শিক্ষক বন্ধুবৰ শ্ৰীযুত মাণিক চন্দ্ৰ বৰ্ম্মাদেৱে কেইটামান শব্দৰ বৰ্ণাশুদ্ধি চাই দিয়া কাৰণে এইখিনিতে তেখেতৰ শলাগ লৈ থলোঁ আৰু 'বৰুৱা প্ৰেছৰ শ্ৰীযুত কৃষ্ণ গোবিন্দ বৰুৱাদেৱে আগ-পাচ কৰি সোনকালে এহেজাৰ ‘কপি’ ছপাই দিয়াৰ বাবে তেখেতকে৷ ধন্যবাদ জনালো ।— নগাওঁ (আসাম) ২২ ভাদ, ১৮৫৯ শক শ্ৰীলক্ষ্মীনাৰায়ণ দাশ ৷
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই