পৃষ্ঠা:পাৰ্ছিয়ুছ্‌.djvu/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLY পাছি য়ুছ ২১ পাৰ্ছিয়ুছে মেছাৰ মূৰটো কাপোৰৰ তলত লুকুৱাই লৈ ৰজাৰ সম্মুখত উপস্থিত হ'ল। ৰজাই কেতিয়াও ভবা নাছিল যে পাৰ্ছিয়ুছে মেডুছাৰ মূৰ কাটি আনিবলৈ গৈ প্ৰাণ লৈ উলটি আহিব । সেই দেখি পাৰ্ছিয়ুছ অকৃতকাৰ্য্য হৈ আহিছে বুলি ঠাট্টা কৰি কলে,— “কিহে বীৰেন্দ্ৰ, বৰ ওফাইদাং মাৰি ওলাইছিলা নহয়, পিচে এতিয়া ফেঁচাটোৰ দৰেহে ওলাইছা ৷ মেডুচাৰ মূৰ আনিব নোৱাৰি সুদামুখ খন দেখুৱাইছাহি । যোৱা, তোমাৰ বল পৰাক্ৰম সকলোবোৰ মিছা।” নজনা-নুশুনাকৈ মিছাকৈয়ে মাতি নি এইদৰে তিৰস্কাৰ কৰা দেখি পাছিছে খঙেৰে উত্তৰ দিলে, – “লম্পট পলিডেক্- টিছ, আগতে নোসোধা-নোপোচাকৈ মানুহক মাতি আনি এনেকৈ ঠাট্টা কৰি অপমান দিয়া ঘোৰ অন্যায়। ম‍ই মোৰ প্ৰতিজ্ঞা ৰাখিব পাৰিছোনে নাই, নিজ চকুৰে এবাৰ চাই ল” বুলি কাপোৰৰ তলৰ পৰা মূৰটো উলিয়াই ৰজাৰ আগত দাঙ্গি ধৰাত ৰজা সেইপিনেই শিলা হৈ গ'ল। এইদৰে পাৰ্টিয়ুছে তেওঁৰ আটাইবোৰ শত্ৰু বধ কৰি সৰ্ব্বসন্মতিক্রমে গোটেই গ্ৰীচ সাম্ৰাজ্যৰ সিংহাসন হস্তগত কৰিলে । পাৰ্ছিয়ুছৰ সু-শাসনত প্ৰজা-বৃন্দই সুখ-শান্তি উপভোগ কৰিবলৈ ধৰিলে । - অন্ত- DISTRICT LIBRARY (HEM BARUA COLLECTION) TEZPUR.