পাছি ছ ১৯ কাৰ হব পাৰে ? আপুনি আনৰ বিবাহিতা তিৰোতা এজনীৰ ৰূপত মোহিত হৈ দু-আষাৰ বৰকথা কৈ নিবলৈ অহাতো নিতান্ত অন্যায় হৈছে ।” —“ন্যায় অন্যায় মই বুজোঁ । তোমাৰ তৰ্ক-শাস্ত্ৰৰ যুক্তি খন খুলি মোক ন্যায়ৰ বিচাৰ শুনাব নেলাগে। কোৱা ভালে ভালে এতিয়াও এন্ড্রোমিডাক সমৰ্পণ কৰিবলৈ সাজু আছানে নাই ? " —“অক্ষম সম্রাট, ক্ষমা কৰিব । " —“তেনেহলে গাৰ বলেৰে মই এণ্ডোমিডাক ধৰি নি বিয়া কৰাম। যদি গাত শক্তি আছে, তেনেহলে গতি ৰোধ কৰা । " —“উত্তম ৷ " কেনেকৈ মাকক তুচ্ছ প্ৰাণৰ ভয়ত বাট পথ নোহোৱা সাধাৰণ দুৰ্গ এটাৰ ভিতৰত তাকলে সুমুৱাই ৰাখিছিলে, কেনেকৈ মাকক সাগৰত এধানমানি ভূৰ এখনত তুলি দি তাহসায় অৱস্থাত দুটি প্রাণী উটুৱাই দিছিলে, এই এটাই- বোৰ কথা এটা এটাকৈ মনত পৰাত পাচ্ছিৰ ঈৰ্ষাণ ল দুগুণে জ্বলি উঠিল। এক্রিছিয়াছক বধ কৰাৰ এয়ে সোণালী সুযোগ দেখি খাপৰ পৰা তৰোৱাল খুলি লৈ এক্ৰিছিয়াছৰ লগত যুদ্ধত প্ৰবৃত্ত হল । ভালেমান বেলি যুঁজ কৰাৰ পিচত এক্ৰিছিয়াছৰ সৈতে বহুত সৈন্যই পাৰ্ছিয়ুছৰ চোকা তৰোৱালৰ আগত এটি এটিকৈ প্ৰাণ সোধালে ৷ তেতিয়ালৈকে বাদ বাকী
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/২৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই