পৃষ্ঠা:পাৰ্ছিয়ুছ্‌.djvu/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ পাছিয়ুছ বাইদেউ, সেইটো হবই নোৱাৰে। তুমি মিছাকৈয়ে কৈ আমাক আভুৱা ভাৰিছা ৷ এইবাৰ ম‍ই লম।” এইদৰে হেতা- ওপৰা লগাত সিহঁত আটায়ে চকুটোৰ কাৰণে কঢ়া-আজোৰা কৰিব ধৰিলে। ইতিমধ্যে আটাই কেইজনী বাই-ভনী অন্ধ হৈ পৰাত এই ছেগতে চল চাই পাৰ্ছিয়ুছে জোপাটোৰ পৰা ওলাই আহি লৰালৰিকৈ গৈ সিহঁতৰ হাতৰ পৰা চকুটো কাঢ়ি আনিলেগৈ। চাই থাকোতেই হাতৰ পৰা নাইকিয়া হোৱা দেখা পাই। তিনিও বাই-ভনীৰ ভিতৰত এখন মহা হৈ-চৈ লাগি উঠিল। উপায়হীন হৈ ইজনীয়ে সিজনীক সিঙ্গনীয়ে ইজনীক দোষিবলৈ ধৰিলে। এনেকৈ সিহঁতে তাই কাজিয়া কৰি থাকোতে পাছিয়ুছে চকুটো লৈ আকাশৰ ওপ- ৰৰ পৰা মাত লগালে, “বালিকাসকল ! চকু হেৰুৱাই মিছা- তেই হাই-কাজিয়া কৰি থাকিলে কি হব ? চকু মোৰ হাতত ; তোমালোকে যদি মেডুছা গৰ্গনৰ থকাঠাই ডোখৰ কথা কৈ দিয়া, তেনেহলে চকুটো ওলোটাই পাবা, তাকে নকলে চকুটো সাগৰৰ মাজলৈ পেলাই দিম।” জনপ্ৰাণীহীন দ্বীপৰ মাজত আচম্বিতে মানুহৰ মাত শুনিবলৈ পাই আটাই কেই- জনী বাই-ভনী বৰ আচৰিত হ'ল ৷ উপায়ান্তৰ নেদেখি চকুটো ওলোটাই দিবৰ কাৰণে জয়দেউ কাকুতি কৰিব ধৰিলে। কিন্তু পাৰ্ছিয়ুছে কোনোপধ্যে মান্তি নহৈ সেই একে- যাৰ কথাকে ঘনেপতি সুধি থকাত বাই-ভনী কেইজনীৰ খঙে মূৰৰ চুলি পালেগৈ। সিহঁতে তেওঁক ধৰিবৰ মনেৰে মাতৰ