পাৰ্ছিয়ুছ এইবাৰ নব-জীৱন পোৱাদি পালে ৷ এতিয়া তেওঁ মেডুছাৰ থকাঠাইখিনিৰ সম্ভেদ পালেই হ'ল । ' কিন্তু মহাসমুদ্ৰৰ মাজত থকা কোনটো দ্বীপৰ ঠিক কোনখিনি ঠাইত মেড়- ছাৰ বাসস্থান, এই কথা তাইৰ লগা-ভগা তিনিজনী বাই- ভনীৰ বাহিৰে আন কোনেও নেজানে ৷ এই বাই-ভনী কেইজনী মেডুছাৰ থকাঠাইৰ পৰা অলপ দূৰৈত থকা পৰ্ব্বত এটাৰ আহল-বহল গুহা এটাতে বাস কৰে । ইহঁতো গৰ্গন দৰে বৰ আচৰিত ধৰণৰ প্ৰাণী ; কিন্তু মেডুছ৷ আদি গৰ্গনৰ লগত বৰ ওচৰ সম্বন্ধ থাকিলেও আচলতে ইহঁত গর্গন নহয় ৷ গুহাবাসিনী এই বাই-ভনী কেইজনীৰ গাৰ আকৃতি দেখিবলৈ মানুহৰ দৰেই ৷ মাথোন প্রভেদ এই খিনিতে যে পৰীৰ দৰে ইহঁতৰ পাখি আছে; কিন্তু প্ৰত্যেকৰে সুকীয়া চকু নথকাত সিহঁতে সকলো সময়তে বৰকৈ চলা-ফুৰা কৰিব নোৱাৰে। ইহঁতৰ ভিতৰত মাথোন এটা চকু । এই এটা চকু.কে সকলোৱে সময় বুজি সলনা-সলনিকৈ ব্যৱহাৰ কৰে ৷ কিন্তু এই চকুটোৰ ইমান ঢোকা দৃষ্টি যে সেই চকুটো পিন্ধি কাৰোবলৈ চাই পঠিয়ালে সেয়ে গৰ্গনৰ চাৱ- নিৰ দৰে ক্ষন্তেকতে শিলা হৈ যায়। বীৰ পাৰ্ছিয়ুছে দেৱতা সকলৰ পৰা এইবোৰ কথা পৰিপাটিকৈ জানি লৈ মেডুছাৰ উদ্দেশ্যে যাত্ৰা কৰিলে । -ছয়- পাৰ্ছিয়ুছে দিনৰ পিচত মাহ, মাহৰ পিচত বছৰ ধৰি
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/১৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই