পৃষ্ঠা:পাৰ্ছিয়ুছ্‌.djvu/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাৰ্ছিয়ুছ চকুৰ চাহনি । সিহঁতে ওচৰত থকা যালৈকে পূর্ণদৃষ্টি কৰে, সেয়ে তৎক্ষণাৎ শিলা হয়। অতি অদ্ভূত প্রাণী এই বাই- ভনী কিজনীৰ নামেই গর্গন ৷ ইহঁতৰ ভিতৰত মেডুছা গৰ্গনেই আটাইতকৈ ভীষণ। গতিকে এনে এজনী গগনৰ মুৰ কাটি অনাটো যে কিমান টান কাম, বোধকৰো এতিয়৷ তাক বুজিব পাৰিছা ৷ তথাপি তোমাৰ কাৰ্য্য-সম্পাদনত সৰ্ব্বতোভাৱে সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছো যেতিয়া নিৰাশ হবৰ কোনে৷ কাৰণ নাই ৷ এতিয়া সকলোবোৰ দুখ-বেজাৰ এৰি মোৰ লগতে তুমি স্বৰ্গ- ৰাজ্যলৈ ওলোৱা ৷ তালৈ গলে আমি তোমাক তোমাৰ কামত সহায় হব পৰাকৈ সকলোবোৰ লাগতিয়াল আহিলা-পাতি যতনাই দিম । পাৰ্ছিয়ুছে বুধৰ কথাতে সন্মতি প্ৰকাশ কৰাত বুধ দেৱতাই তেওঁক কোলাত তুলি আকাশেদি স্বৰ্গলৈ লৈ গল । বুধৰ লগত স্বৰ্গলৈ গৈ পাৰ্ছিয়ুছে যম ৰজাক দেখা কৰাত যমে তেওঁক এটা মুকুট দিলে । ইয়াক পিন্ধিলে পাৰ্ছিয়ছে শূন্যতে অদৃশ্য হব পাৰিব । স্বৰস্বতী দেবীয়ে দিলে আৰ্চ্চীৰ দৰে উজ্জ্বল ঢাল এখন । ইয়াৰ সহায়েৰে পাৰ্ছিয়ুছে ওপৰ পৰা তলৰ গোটেইবোৰ বস্তু ফটফটীয়াকৈ দেখা পাব আৰু স্বয়ং বুধে দিলে চোকা তৰোৱাল এখন আৰু পাখি- লগা জোতা এজোৰ ৷ এই জোতাজোৰ পিন্ধিলে পার্ডিয়ছে বায়ুবেগেৰে শূন্যত উৰিব পাৰিব। এইদৰে স্বৰ্গৰ দেৱতা সকলৰ পৰা সকলো প্ৰকাৰ সহায় পোৱাত পাৰ্ছিয়ুছে