পৃষ্ঠা:পাৰ্ছিয়ুছ্‌.djvu/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

G পাৰ্চিয়ুছ পঃ—যোৱা পাৰ্ছিয়ুছ, মৃত্যুক আলিঙ্গন কৰিবা, তথাপি প্রতিজ্ঞা ৰাখিব নোৱাৰি সুদামুখে উভতি নাহিবা । মই আশীৰ্ব্বাদ কৰিছো ৷ পাৰ্ছিয়ুছে এইদৰে অঙ্গীকাৰ কৰি যাবৰ কাৰণে আয়োজন কৰিলে। তেওঁ ভাবিলে যদি এই কাৰ্য্য সমাধা কৰি ৰজাক সন্তুষ্ট কৰিব পাৰে, তেনেহলে একলাখ সোণৰ মোহৰেৰেই মাক- পুতেক দুয়োয়ে আজীৱন মহাসুখে খাব পাৰিব, তাৰোপৰি দেশৰ আটায়ে সুনাম গাব। ইয়াকে মনস্থ কৰি পাৰ্ছিয়ুছে মাকৰ গুৰিত বিদায় লৈ মেডুছাক বিচাৰি ঘৰৰ পৰা বাজ হল । ইপিনে দুষ্ট ৰজাই বুদ্ধি কৌশলেৰে পাৰ্ছিছক মৃত্যু-মুখলৈ পঠিয়াব পাৰি নথৈ আনন্দ উপভোগ কৰিলে ৷ —পাঁচ— সেই দিনা মাকৰপৰা বিদায় লৈ পাৰ্ছিয়ছে মেডুছাক বিচাৰি কেইবাদিনো কটালে, কিন্তু মেডুছাৰ বিষয়ে কতো একো সম্মেদ নেপালে ৷ এইদৰে বিচাৰি ফুৰোঁতে ভাগৰত ক্লান্ত হৈ এদিন গছ এজোপাৰ তলত বহি এখন্তক জিৰণি লৈছে, এনেতে ৰজাৰ আগত কৰা প্ৰতিজ্ঞাৰ বিষয়ে নানা ভাবে তেওঁক জুমুৰি দি ধৰিলেহি। তেওঁ যিমানে এই বিষয়ে ভাবিবলৈ ধৰিলে সিমানে তেওঁৰ কোমল হৃদয় হা-হুতাশেৰে ভৰি পৰিল । সৰুতে সাগৰৰ পাৰত থাকোতে শুনিছিল বোলে গগনৰ চকুবোৰ ইমান অদ্ভুত যে সিহঁতে যালৈকে চায় সেয়ে মুহূৰ্ত্ততে শিলা হৈ যায়। সেই কাৰণে ৰজাৰ আগত কৰা প্ৰতিজ্ঞাটো প্ৰথমতে