এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাপৰি
( ৬০)
থাকা তেনে সখি মোৰ মাগিছো মেলানি আজি
এয়ে শেষ দেখা দেখি শেষৰ দিনত,
প্ৰাণৰ পাপৰিখিনি থাকক ইয়াতে পৰি
বিৰহৰ চিন লই মধু-মিলনত
( ৬১ )
সেই শৰতৰ কথা নানিবা মনত সখি,
ভুলতো নাগাবা সেই প্ৰেমময় গান,
সেই সুৰ স্বৰগৰ অচঞ্চল, অনন্তৰ,
মায়াময় মৰতত নাই তাৰ স্থান!
( ৬২ )
অতীতক এতিয়াই পাহৰি পেলোৱা সখি,
নাই তাত অশ্ৰু-জল, নাই কীৰ্ত্তি-যশ,
শ্যামল বসুধা আজি সেয়ে হ’ব কালিলই
উতপ্ত জ্বলন্ত প্ৰায় বলুকা নিৰস।
[ ২১ ]