পৃষ্ঠা:পাঠ-মালা.pdf/৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ইংৰাজবিলাকৰ আৰ্হি লৈ উচ্চ জাতিৰ কোনো কোনো ভদ্র- লোকেও তাক তেওঁলোকৰ খাদ্য-দ্রব্যবিলাকৰ ভিতৰত লেখিবলৈ ধৰিছে । কাঠ-ফুল৷ ব্যৱহাৰ কৰাত বৰ সাৱধান হব লাগে কাৰণ বৰণ বা গঢ়ৰ দ্বাৰা তাৰ কোন জাতি খাদ্য, আৰু কোন জাতি অখাদ্য, তাক নিশ্চয় কৰা টান ; কেৱল গন্ধ আৰু আস্বাদৰ দ্বাৰা হে তাক বুজিব পৰা যায় ৷ সি কাঠ-ফুলাৰ সোৱাদ মুখত ভাল লাগে সি অপকাৰী নহয়, কিন্তু সি যদি বেয়া গোন্ধায় বা তাৰ আস্বাদ তিতা, কেহ৷ বা জিভাৰ কষ্টদায়ক হয়, তেন্তে সি বিহ, তাক খোৱা অনুচিত। উদ্ভিদ-তত্ত্বজ্ঞ ইংৰাজী পণ্ডিতবিলাকে কয় যে বগা-বৰণীয়া, আৰু মুকলি ঠাইত গজ৷ কাঠ-ফুলাবিলাক প্ৰায়ে অপকাৰী নহয় ; কিন্তু কাঠনিৰ চেঁচুকত হোৱা বিবর্ণ, গন্ধক-বৰণীয়া, তেজী ৰঙ্গা বা সেউজীয়৷ কাঠফুলা বিহ। তাক খোৱা উচিত নহয় । চাইবেৰিয়া দেশত এজাতি কাঠ-ফুল৷ আছে ; আসাম আৰু চীনদেশৰ মানুহবিলাক যেনে কানিৰ ভক্ত, সেই দেশৰ মানুহ- বিলাক তাৰ তেনে ভক্ত; আৰু মতা-তিৰোতা, দুয়ো তাক ব্যৱহাব কৰে ৷ তাৰ ৰাগী ফটিকাৰ নিচিন৷, তাক খোৱাৰ এক ঘণ্ট৷-মানৰ মূৰত তাৰ ৰাগীয়ে ধৰে, আৰু প্ৰথমতে মনত বৰ ৰং লগায় ; পাচে ক্রমে মুখ ৰঙ্গ৷ পৰে, মূৰ কঁপে জিভাই আবৰি- বিবৰি বকে, আৰু শেষত চেতন নষ্ট হয়৷ চাইবেৰিয়াৰ মানুহে তাক মোহাৰি বৰি কৰি নোচোবোৱাকৈ গিলে আৰু কয় যে, চোবালে সি পেটত পীড়া কৰে। এটা ডাঙ্গৰ আৰু দুটা সৰু কাঠ ফুল৷ এইৰূপে খালে অতি আনন্দদায়ক ৰাগী লাগে, আৰু